
চাৰধাম যাত্রালৈ গৈ ৩৯ জন তীর্থযাত্রীৰ মৃত্যু হ’ল উত্তৰাখণ্ডত। অসুস্থতাৰ বাবেই এই মৃত্যু হোৱা বুলি খবৰ। উত্তৰাখণ্ড চৰকাৰে জনোৱা মতে, পার্বত্য এলেকাৰ পৰিৱেশৰ সৈতে হঠাৎ খাপ খুৱাই ল’ব নোৱাৰাৰ কাৰণেই উক্ত তীর্থযাত্রীসকলৰ মৃত্যু হৈছে।
একে সময়তে তেওঁলোকে পৰামর্শ দিছে, শৰীৰত কোনো কঠিন ৰোগৰ উপসর্গ থাকিলে অমৰনাথ যাত্ৰালৈ নোযোৱাই ভাল।উল্লেখ্য, মে’ মাহৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছে চাৰধাম যাত্রা।
৩ মে’ত অক্ষয় তৃতীয়াৰ দিনা উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে গঙ্গোত্রী আৰু যমুনা দ্বাৰৰ উদ্বোধন কৰে। তাৰ পিছত ৬ মে’ আৰু ৮ মে’ৰ পৰা আৰম্ভ হয় কেদাৰনাথ আৰু বদ্রীনাথ যাত্রা।
উক্ত যাত্রাৰ এমাহ নহওঁতেই ৩৯ জনৰ মৃত্যুৰ খবৰ আহে। মৃত্যুৰ কাৰণ হিচাবে চিকিৎসক শৈলজা ভাটে জনাইছে, ইয়াৰ বাবে উচ্চ ৰক্তচাপ, দুর্বলতা, শৰীৰত অক্সিজেনৰ মাত্রা কম থকা আৰু হৃৎপিণ্ড সংক্রান্তীয় সমস্যাই দায়ী। তেওঁৰ পৰামর্শ, উক্ত উচ্চতালৈ অসুস্থসকল নোযোৱাটোৱেই ভাল।

ইফালে এই ঘটনাক লৈ উদ্বিগ্ন উত্তৰাখণ্ড চৰকাৰ। চৰকাৰৰ স্বাস্থ্য বিশেষজ্ঞসকলে জনাইছে, অন্যান্য স্থানতকৈ তাৰ পৰিৱেশ সম্পূর্ণ পৃথক। দেশৰ বিভিন্ন এলেকাৰ পৰা অহা লোকসকলে উক্ত পৰিৱেশৰ লগত নিজকে মালিই ল’বপৰা নাই। ফলত যাত্রীসকলৰ শাৰীৰিক অৱস্থাৰ অৱনতি হৈছে।










