![]()
১৭ বছৰ বয়সীয়া এগৰাকী কিশোৰীক ৭ বছৰ ধৰি ডিজিটেলি ধর্ষণ কৰাৰ দোষত গ্রেপ্তাৰ হ’ল এগৰাকী ৮০ বছৰীয়া বৃদ্ধ। ডিজিটেল ধর্ষণ হ’ল যেতিয়া পুৰুষাঙ্গৰ পৰিবর্তে ধর্ষিতাৰ যোনি, পায়ুছিদ্র বা মুখত জোৰ পূৰ্বক হাত, ভৰিৰ আঙুলি এক বা একাধিক আঙুলি প্রবেশ কৰোৱা হয়।
মৰিছ ৰাইডাৰ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে আৰু অশ্লীল কাম-কাজ কৰাৰ অভিযোগ আছে। নাবালিকাগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাইডাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধর্ষণ), ৩২৩ (ইচ্ছাকৃত আঘাত কৰা), ৫০৬ (অপৰাধমূলক ভীতি প্রদর্শন) আৰু পকছো আইনৰ ৫ আৰু ৬ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, এই নাৰকীয় কামত ৰাজী নহ’লে ধর্ষিতাক মাৰধৰ কৰিছিল ৰাইডাৰে। ঘটনাৰ তদন্ত চলি আছে।











