![]()
অলপতে, ৮৬ বছৰীয়া প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাতৰিটোৱে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছিল। যিটোৱে তেওঁৰ অনুৰাগীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছিল। কিন্তু ইয়াৰ মাজতে, এতিয়া বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই তেওঁৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে আৰু অনুৰাগীসকলক তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰিছে। তেওঁ কয় যে, তেওঁ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান।
যাৰ পিছত তেওঁৰ অনুৰাগীসকলেও স্বস্তিৰ নিশ্বাস পেলাইছে। অভিনেতা ধৰ্মেন্দ্ৰ ইয়াতে ৰৈ নাথাকি, তেওঁ নিজৰ মৰমৰ শৈলীৰেই নিজ স্বাস্থ্যৰ বিষয়ে মিছা খবৰ বিয়পোৱা সকলৰ প্ৰতি প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।
ধৰ্মেন্দ্ৰই এতিয়া ছ’চিয়েল মিডিয়াত মিছা উৰাবাতৰি প্ৰচাৰ কৰা লোকসকলক নিজৰ শৈলীত উপযুক্ত প্ৰত্যুত্তৰ দিছে। প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই তেওঁৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাতৰি বিয়পি পৰাৰ কেইঘণ্টামান পিছত তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ মুকলি কৰিছে।
এই ভিডিঅ’টোত ধৰ্মেন্দ্ৰই কয় যে, “নমস্কাৰ বন্ধুসকল, ইতিবাচক হওক, জীৱনো ইতিবাচক হ’ব লাগে। মই নীৰৱ কিন্তু অসুস্থ নহয়। আমাৰ গান এটা আছে, ‘বেয়া নুশুনিবা, বেয়া নাচাবা।’ ইজনে সিজনক প্ৰেম কৰক আৰু ইজনে সিজনৰ যত্ন লওঁক, জীৱন বহুত ধুনীয়া মৰম…”













