
যোৱা ৮ দিন ধৰি পাহাৰীয়া জিলা কাৰবি আংলঙ স্বায়ত্তশাসিত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ ৰথী-মহাৰথী শীৰ্ষ নেতাই নিজ নিজ প্ৰাৰ্থীক পৰিষদৰ নিৰ্বাচনত জয়ী কৰাই আনিবলৈ জোৰদাৰ প্ৰচাৰৰ পিছত আহি পৰিল বহু প্ৰত্যাশিত ভোট গ্ৰহণৰ দিন ৷ কাইলৈ অনুষ্ঠিত হ’ব কাৰবি পৰিষদৰ ত্ৰয়োদশ নিৰ্বাচনৰ ভোট গ্ৰহণ ৷
ইতিমধ্যে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ দুটা পৰ্যায়ত নিৰাপত্তাৰক্ষীৰ লগতে পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলে সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ ভোট গ্ৰহণৰ যাৱতীয় সামগ্ৰীসমূহলৈ ৰাওণা হোৱা পৰিলক্ষিত হৈছে ৷
কাৰবি আংলং স্বায়ত্তশাসৰত পৰিষদৰ দুৱাৰ আমলা, আমৰি, চিণ্ঠং, ছচেং, ৰংখাং, বিথুং ৰেংথামা, কপিলী, হামৰেণ, আমৰেং, হাওৰাঘাট, কৰকাণ্ঠি, মহামায়া, নমাটি, ছচেং ধেণ্টা, বৰজান, সৰুপথাৰ, বোকাজান, দেওপানী, নিলীপ, দুৱাৰবাগৰি, লুম্বাজং, ধনশিৰি, সিংহাসন, লাংফেৰ, ফুলনি আৰু লাংহিন ।
এই ২৬টা পৰিষদীয় সমষ্টিত এইবাৰ কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙত মুঠ ৮০৮টা ভোট কেন্দ্ৰত ১৬২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৭,০৩৯৮৫ গৰাকী ভোটাৰে ৷
ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৩,৪৯,৮৩০ গৰাকী, মহিলা ভোটাৰৰ সংখা হৈছে ৩,৪৮,১৫০ গৰাকী ৷ ইয়াৰে ৫ গৰাকী উভয়লিংগৰ ভোটাৰ।












