![]()
হিন্দী চলচ্চিত্ৰ জগতৰ চুপাৰষ্টাৰ আমিৰ খানে আগন্তুক দেওবাৰৰ দিনা হাৰিয়ানাৰ পঞ্চকুলালৈ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২২’ ত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হ’ব। আমিৰ খান তাত এগৰাকী চিলেব্ৰিটি অতিথি হিচাপে উপস্থিত থাকিব আৰু সমগ্ৰ ভাৰতৰ বিদ্যালয়- মহাবিদ্যালয়সমূহৰ পৰা অহা যুৱ খেলুৱৈসকলক সম্বোধন কৰা দেখা যাব। আমিৰ খানৰ উপস্থিতিয়ে ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট উৎসাহিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা চিনাক্ত কৰাত সহায় কৰিব। “ডংগল” ৰ পিছত এয়াই প্ৰথম য’ত অভিনেতা আমিৰ খান হাৰিয়ানালৈ যাব।

বিশেষ কথাটো হ’ল যে আমিৰ খানে তৃণমূল পৰ্যায়ৰ ক্ৰীড়াৰ প্ৰতি উৎসাহ দেখুওৱা এয়াই প্ৰথম বাৰৰ বাবে নহয়। কুস্তি, টেবল টেনিছৰ পৰা ক্ৰিকেটলৈকে, তাৰকাগৰাকীক প্ৰায়ে বিভিন্ন ধৰণৰ ক্ৰীড়াত লিপ্ত হোৱা দেখা যায়। ২০১৬ চনত, আমিৰে গীতা আৰু ববিতা ফোগাটৰ কাহিনী ‘ডঙ্গল’ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিছিল। শেহতীয়াকৈ, আমিৰে আই পি এলৰ ফাইনেল আয়োজন কৰিছিল আৰু খেলখনৰ প্ৰতি তেওঁৰ উৎসাহ দেখিবলৈ পোৱা গৈছিল।
কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, অভিনেতা আমিৰ খানক শীঘ্ৰেই কৰীণা কাপুৰৰ সৈতে ‘লাল সিং চড্ডা’ত দেখা যাব, এই ছবিখন ১১ আগষ্টত মুক্তিৰ বাবে সাজু হৈছে।













