
ভাৰতৰ ফেচবুক (Facebook of India) আৰু ইনষ্টাগ্ৰাম (Instagram)ৰ নিয়ন্ত্ৰক মেটাৰ (Meta) মুৰব্বী অৰ্জুন শ্ৰীনিবাসন (Arjun Srinivasan)ৰ বিৰুদ্ধে গোচৰ ৰুজু (Case register) হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি ছ’চিয়েল মিডিয়াত কেইবাটাও বিতৰ্কিত, বিকৃত আৰু আপত্তিজনক পোষ্টৰ বাবে হায়দৰাবাদ চাইবাৰ ক্ৰাইম আৰক্ষীয়ে মেটা মুৰব্বীক এই গোচৰত অন্তৰ্ভুক্ত কৰিছে। কংগ্ৰেছশাসিত তেলেংগানাত আৰক্ষীৰ এই পদক্ষেপক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
এই গোচৰত মেটা মুৰব্বীগৰাকীক অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত এইবাৰ সংস্থাটোৱে এক বিবৃতি প্ৰকাশ কৰিছে। মেটাই কয় যে তেওঁলোকে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে সহযোগিতা আগবঢ়াইছে।
অভিযোগ অনুসৰি নীট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ দুৰ্নীতিৰ বাবে ককৰোচ জনতা পাৰ্টীয়ে আহ্বান জনোৱা প্ৰতিবাদৰ সময়ত দিল্লীত কেইবাটাও ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা বিতৰ্কিত পোষ্ট দিয়া হৈছিল। ইয়াৰে অধিকাংশই দেশৰ প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি লৈছিল। অভিযোগ অনুসৰি, সেই সকলোবোৰ পোষ্ট মোদীক লক্ষ্য কৰি ‘আপত্তিজনক’ আৰু ‘বিকৃত’ আছিল।

মোদীৰ বিকৃত ছবি আৰু ভিডিঅ’ বিয়পাই দিয়াৰ অভিযোগো উত্থাপন হৈছে। শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীৰ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চে তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰে। নিউজ এজেন্সী এএনআয়ে প্ৰকাশ কৰা অনুসৰি, বহু ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট ব্যৱহাৰকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ভাৰতত মেটাৰ ব্যৱসায়ৰ মুৰব্বীকো তেওঁলোকৰ লগত সংযোজন কৰা হয়।
মেটাৰ এগৰাকী মুখপাত্ৰই কয়, “আমি সংশ্লিষ্ট তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছো। আমি সমস্যাটো সমাধানৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছো।”
শুকুৰবাৰে দুজন লোকৰ অভিযোগৰ ভিত্তিত হায়দৰাবাদ চাইবাৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকে থানাত জনোৱা মতে, ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্ৰাউজ কৰি থাকোঁতে প্ৰধানমন্ত্ৰীৰ বহু বিকৃত ভিডিঅ’ দেখা যায়। বিভিন্ন ছবিত তেওঁক যি ধৰণে উপস্থাপন কৰা হৈছে সেয়া অশ্লীল, অপমানজনক আৰু বিভ্ৰান্তিকৰ। ইয়াৰ বাহিৰেও এই সকলোবোৰ পোষ্টৰ মন্তব্যত মোদীৰ বিৰুদ্ধে কুৎসিত আৰু অশ্লীল মন্তব্য কৰা হৈছে, যিয়ে প্ৰধানমন্ত্ৰীক অপমান কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি মোদীৰ ভাবমূৰ্তি বিকৃত কৰা বুলি অভিযোগ উত্থাপন হৈছে। এনে পোষ্টে জনসাধাৰণৰ আৱেগত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, ভুল তথ্য প্ৰচাৰ কৰিব পাৰে আৰু অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি দাবী কৰা হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰে।











