
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)য়ে শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত তেওঁৰ ছ’চিয়েল মিডিয়া (Social Media)ৰ পৰা আন এটা ভিডিঅ’ বাৰ্তা (Video Message) প্ৰদান কৰে। এইবাৰ তেওঁৰ বাৰ্তা আছিল যুৱক-যুৱতীসকলৰ বাবে। দিল্লীৰ যন্তৰ-মন্তৰৰ পৰা অশ্লীল ভাষাৰে (Attack with obscene language) আক্ৰমণ কৰা বুলি দাবী কৰি তেওঁলোকক ক্ষমা কৰাৰ বাৰ্তাও (Message of forgiveness) দিয়ে মোদীয়ে। তেওঁ এটা নৈতিক শিক্ষা দি কয়, “ভুলৰ পৰা শিকিব লাগিব। আগবাঢ়ি যাওক।”
৩০ ছেকেণ্ডৰ বাৰ্তাটোত মোদীয়ে কয়, “যন্তৰ-মন্তৰত যি হৈছিল সেয়া দেশৰ লগতে বিশ্ববাসীয়ে দেখিছে। কিছুমান ‘দুষ্ট’ ল’ৰা-ছোৱালীয়ে অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল। সমাজৰ বাবে অশ্লীল শব্দ ব্যৱহাৰ কৰা হৈছিল। মোৰ ওপৰত নিৰ্যাতন হৈছে, মোৰ মাতৃকো কটুক্তি কৰা হৈছে।” ইয়াৰ পিছত তেওঁৰ বাৰ্তা আছিল যে ভুলবোৰ শৈশৱতে হয়। কিন্তু এইবাৰ ভুল শুধৰণিৰ সময়ো আহি পৰিছে। সংস্কৃতিৰ অৱনতি ঘটিছে বুলি মোদীয়ে আশংকা কৰি কয়, “আমাৰ ল’ৰা-ছোৱালীবোৰে এনে ভাষা কেনেকৈ ক’ব পাৰে!”

প্ৰধানমন্ত্ৰীয়ে কয়, “কিন্তু সময় আছে। এই সৰু ল’ৰা-ছোৱালীবোৰক আমাৰ বুকুৰ মাজত সুমুৱাই লৈ সঠিক পথ দেখুৱাব লাগে। এয়া আমাৰ কৰ্তব্য।” মোদীয়ে কয় যে তেওঁ ক্ষমা কৰিব বিচাৰে। আদালতলৈ আনি বা শাস্তি দিলে পৰিস্থিতি সলনি নহ’ব বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীৰ সমাজলৈ বাৰ্তা হ’ল, তেওঁৰ দৰে ক্ষমাৰ পথত খোজ দিয়া। শুকুৰবাৰে মোদীয়ে কয়, “কেতিয়াবা জিভাত দাঁত লাগে। তেজো বৈ যায়, কিন্তু আমি দাঁত ভাঙি দিয়াৰ কথা নকওঁ। কাৰণ দাঁত আৰু জিভা দুয়োটায়ে আমাৰে। এই ল’ৰা-ছোৱালীবোৰো আমাৰেই।”
যুৱ প্ৰজন্মলৈ মোদীৰ আহ্বান, “আহা। আমি সকলোৱে মিলি দেশৰ বাবে আগবাঢ়ো। আহা, আমি নতুন কিবা এটা শিকো।” তেওঁ কয়, “দেশ আগবাঢ়িছে, আগবাঢ়ি যাব, মোৰ সপোন আপোনালোকেও আগবাঢ়ি যোৱা।” লগতে তেওঁ কয়, “মই আপোনালোকৰ বাবেই জয়ী হৈছোঁ। আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ কথা ভাবি, আমি একেলগে আগবাঢ়ি যাওঁ আহা।”
এইবাৰো প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক ‘ফ্ৰেণ্ডছ’ আৰু ‘দোস্ত’ বুলি সম্বোধন কৰে। উল্লেখ্য যে ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক উদ্দেশ্যি দি ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট দিয়াৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে তেলেংগানা আৰক্ষীয়ে ফেচবুক, ইনষ্টাগ্ৰাম আৰু ৱাটছএপৰ নিয়ন্ত্ৰক মেটাৰ (মেটা ইণ্ডিয়া) ভাৰতীয় শাখাৰ মুৰব্বীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। হায়দৰাবাদ চাইবাৰ অপৰাধ দমন আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে, কেইবাজনো নেটিজেনৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে।












