
মুম্বাইৰ সমীপত এটা বহুমহলীয়া অট্টালিকা ভাঙি (Breaking the Building) কমেও ৯ জন লোকৰ মৃত্যু (9 people died) হয়। আশংকা কৰা হৈছে যে এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। তেনে ক্ষেত্ৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।
মুম্বাইৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ মহাৰাষ্ট্ৰৰ থানে (Thane of Maharashtra) জিলাৰ ভীৱাণ্ডীত বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৩০ বজাত ঘৰটোৰ এটা অংশ ভাঙি পৰে। সেই সময়ত ঘৰৰ ভিতৰতে কেইবাজনো বাসিন্দা আৰু নিৰ্মাণ শ্ৰমিক আছিল। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে বহু লোক। নিশাৰ পৰা উদ্ধাৰৰ কাম আৰম্ভ হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), থানে দুৰ্যোগ সঁহাৰি দল আৰু স্থানীয় অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰৰ কাম চলায়। মাটি কটা সঁজুলিৰে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলি আছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঘৰৰ এটা অংশ ভাঙি যোৱাৰ ফলত ভিতৰত আবদ্ধ হৈ পৰে ১১জন লোক। ইয়াৰে ৬ জন বাসিন্দা আৰু ৫ জন নিৰ্মাণ শ্ৰমিক। উদ্ধাৰ অভিযানৰ তত্বাৱধানত থকা অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া নীতিন চাভানে জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা ১০ বজালৈকে তেওঁলোকে ৮টা মৃতদেহ উদ্ধাৰ (8 dead bodies recovered) কৰিছে। অৱশ্যে তেওঁলোকৰ পৰিচয় এতিয়াও চিনাক্ত হোৱা নাই।
ভীৱাণ্ডীৰ বালাজিনগৰ অঞ্চলত ‘কোহিনুৰ ভৱন’ নামেৰে পৰিচিত এই ভৱনটো। জৰাজীৰ্ণ অৱস্থাৰ বাবে ভীৱাণ্ডী-নিজামপুৰ পৌৰসভাই ঘৰটোক ‘বিপজ্জনক’ আৰু ‘বসবাসৰ অযোগ্য’ বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতো স্থানীয় লোকে ঘৰটোত মেৰামতিৰ কাম চলি থকা বুলি কয়। ঘৰটোত চাৰি মহলাত মুঠ ৪৮টা কোঠা আছিল। প্ৰাৰম্ভিক তদন্তৰ সময়ত বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ঘৰৰ ভিতৰৰ পৰা তীব্ৰ শব্দ শুনা যায়। ইয়াৰ পিছত ইয়াৰ বিভিন্ন অংশত ফাট মেলা দেখা যায়। বিপদৰ কথা উপলব্ধি কৰি স্থানীয় ৰাইজে ঘৰৰ বাসিন্দা একাংশক উলিয়াই আনে। তাৰ পিছতো একাংশ শ্ৰমিকে ভিতৰত মেৰামতিৰ কাম কৰি আছিল। একাংশ বাসিন্দাই ঘৰৰ পৰা ওলাই যাবলৈ সাজু হৈছিল। কিন্তু নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই দুৰ্যোগ। ঘৰৰ এটা অংশ হুৰমূৰকৈ ভাঙি পৰে।











