ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

Staff Reporter by Staff Reporter
July 31, 2026
Reading Time: 1 min read
A A
0
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

বুধবাৰে লোকসভাত প্ৰশ্নকাকত ফাদিল বিৰোধী সংশোধনী বিধেয়ক, ২০২৬ গৃহীত হয়। ইয়াৰ পিছত বৃহস্পতিবাৰে ৰাজ্যসভাতো এই বিধেয়কখন গৃহীত হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) এটা নতুন ভিডিঅ’ বাৰ্তা দিয়ে।

PM Modi I
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা:

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ভিডিঅ’টোত তেওঁ কয় যে দেশৰ পৰীক্ষা ব্যৱস্থাক বিশ্বাসযোগ্য কৰি তোলাৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এইদৰে তেওঁৰ চৰকাৰে ক্ৰমান্বয়ে উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িব।

চৰকাৰে ২০২৪ চনৰ প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়কত কিছু সংশোধন কৰি এই অপৰাধৰ শাস্তি প্ৰায় দুগুণ কৰিবলৈ বিচাৰিছে। ইতিমধ্যে কেবিনেটে খচৰা বিধেয়কখনত অনুমোদন জনাইছিল। তাৰ পাছত যোৱা সোমবাৰে লোকসভাত উপস্থাপন কৰা হয়। দুদিনীয়া আলোচনাৰ অন্তত বুধবাৰে লোকসভাত ধ্বনি ভোটত বিধেয়কখন গৃহীত হয়।

বৃহস্পতিবাৰেও ধ্বনি ভোটৰ জৰিয়তে ৰাজ্যসভাত বিধেয়কখন গৃহীত হয়। বিজেপি বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলে প্ৰতিবাদত সদন ত্যাগ কৰে। সংসদৰ দুয়ো সদনত গৃহীত হোৱাৰ পাছত এইবাৰ কেৱল ৰাষ্ট্ৰপতিৰ স্বাক্ষৰলৈহে অপেক্ষা। ইয়াৰ পিছতেই বিধেয়কখন আইনত পৰিণত হ’ব।

সংসদৰ উচ্চ সদনত এই বিধেয়কখন গৃহীত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে দুমিনিটৰ ভিডিঅ’ বাৰ্তাযোগে কয়, “আমি দেশৰ পৰীক্ষা ব্যৱস্থাক নিৰ্ভৰযোগ্য কৰি তুলিবলৈ ইটোৰ পিছত সিটো খোজ আগবঢ়াইছো। টাস্ক ফ’ৰ্চ গঠনৰ পৰা ফাষ্ট ট্ৰেক ক’ৰ্টলৈকে বহু কাম কৰা হৈছে।

বিগত কেইটামান দশক ধৰি প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে এনে প্ৰশ্ন ফাদিলৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সময় আৰু ভৱিষ্যৎ স্তব্ধ হৈ পৰিছে। সমগ্ৰ দেশ, ৰাজ্য আৰু কেন্দ্ৰত শিক্ষা ব্যৱস্থাৰ পুনৰ পৰিৱৰ্তন অনিবাৰ্য হৈ পৰিছে।”

লগতে মোদীয়ে কয়, “প্ৰশ্নকাকত ফাদিল কৰা এনে কোনো গোটক সহ্য কৰা নহ’ব। তাৰ বাবে কঠোৰ আইন প্ৰযোজ্য। আমি সংসদত বিধেয়কখন তেনেকৈয়ে উত্থাপন কৰিলোঁ। সংসদৰ দুয়ো সদনৰ বহু সদস্যই এই সন্দৰ্ভত আলোচনাত যোগদান কৰিলে।

আজি দুয়ো সদনত বিধেয়কখন গৃহীত হৈছে। পৰীক্ষা ব্যৱস্থাক নিৰ্ভৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হৈছে। এনে কাম চলি থাকিব। আমি সকলোৱে উন্নত ভাৰতৰ সপোন পূৰণৰ বাবে কান্ধত কান্ধ মিলাই আগুৱাই যাওঁ।”

সংশোধনী বিধেয়কত কি আছে? প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে পৰীক্ষাৰ লগত জড়িত যিকোনো অনিয়মৰ বাবে কঠোৰ ব্যৱস্থা আছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি, ফাষ্ট ট্ৰেক আদালতৰ কাম-কাজতো গুৰুত্ব আৰোপ কৰা হৈছে।

যদি এই বিধেয়কখন আইনত পৰিণত হয় তেন্তে পৰীক্ষাত প্ৰশ্নকাকত ফাদিল বা যিকোনো অনিয়মৰ সৈতে জড়িত ব্যক্তিক নূন্যতম পাঁচ বছৰ আৰু সৰ্বাধিক ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। লগতে ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি সংগঠিত অপৰাধৰ ক্ষেত্ৰত এই বিধেয়কত নূন্যতম সাত বছৰৰ কাৰাদণ্ড আৰু ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ প্ৰস্তাৱ দিয়া হৈছে।

২০২৪ চনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়মৰ সৈতে মোকাবিলা কৰিবলৈ কোনো নিৰ্দিষ্ট আইন নাছিল। প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বিতৰ্কৰ সন্মুখীন হৈ সেই বছৰতে এই আইনখন প্ৰণয়ন কৰা হৈছিল।

ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ইউ পি এছ চি, এছ এছ চি, ৰেলৱে, বেংকিং খণ্ডৰ নিযুক্তি পৰীক্ষা, আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এন টি এ)ৰ দ্বাৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰা। এইবাৰ চৰকাৰে পুৰণি আইনখন সংশোধন কৰি শাস্তিৰ পৰিসৰ বৃদ্ধি কৰিছে।

Tags: ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তালোকসভা-ৰাজ্যসভাত প্রশ্নকাকত
Share4Tweet3Send

Related Posts

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

by Staff Reporter
July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

by Staff Reporter
July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

by Staff Reporter
July 30, 2026
50
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

by News Desk
July 29, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

by News Desk
July 27, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx