
ভাৰতত থকা জাৰ্মান ৰাষ্ট্ৰদূত ফিলিপ আকাৰমেনে বৃহস্পতিবাৰে দ্য ইকনমিক টাইমছক জনোৱা মতে, জাৰ্মানীৰ সৈতে যৌথ উদ্যোগত ভাৰতীয় নৌসেনাৰ বাবে ছাবমেৰিন নিৰ্মাণৰ চুক্তি অহা মাহত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে।

৯০ হাজাৰ কোটিৰো অধিক মূল্যৰ এই চুক্তি অনুসৰি, জাৰ্মান কোম্পানী থ্ৰীছেনক্ৰুপ মেৰিন ছিষ্টেমছে (টিকেএমএছ) ‘মেক ইন ইণ্ডিয়া’ কৌশলগত অংশীদাৰিত্বৰ অধীনত পি৭৫আই (প্ৰজেক্ট ৭৫ ইণ্ডিয়া) কাৰ্যসূচীৰ অধীনত ভাৰতীয় নৌসেনাৰ বাবে ছখন ছাবমেৰিন নিৰ্মাণ কৰিব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন (এআইপি) ব্যৱস্থাৰে সমৰসজ্জিত ছখন টিকেএমএছ ‘টাইপ-২১৪’ শ্ৰেণীৰ ডিজেল-ইলেক্ট্ৰিক ছাবমেৰিনত ছটা ৫৩৩ মিমি টৰ্পিডো টিউব (গধুৰ ওজনৰ ব্লেক শ্বাৰ্ক টৰ্পিডোৰে সজ্জিত), এছএম-২৯ এক্স’চেট এণ্টি-শ্বিপ মিছাইল আৰু ব্ৰহ্মছ মিছাইলেৰে সজ্জিত হ’ব।
২০১৮ চনত যেতিয়া প্ৰতিৰক্ষা মন্ত্ৰালয়ে ‘একচেপ্টেন্স অৱ নেচিচিটি’ৰ অধীনত ছখন ছাবমেৰিনৰ নিৰ্মাণৰ তালিকা প্ৰস্তুত কৰিছিল, তেতিয়া আনুমানিক খৰচ আছিল ৪৩ হাজাৰ কোটি টকা। ইয়াৰ পিছত পৰ্যায়ক্ৰমে বাজেট সংশোধন কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাই জাৰ্মানীৰ পৰা চাৰিখন শিশুমাৰ শ্ৰেণীৰ ডিজেল বৈদ্যুতিক ছাবমেৰিন ক্ৰয় কৰিছিল।
এআইপি প্ৰযুক্তিৰে সজ্জিত হোৱাৰ বাবে টাইপ-২১৪ ভাৰতীয় নৌসেনাৰ আন যিকোনো ছাবমেৰিনৰ তুলনাত অধিক সময় পানীৰ তলত থাকিব পাৰিব।
জাৰ্মানীৰ সৈতে যৌথ উদ্যোগত মুম্বাইৰ মাঝাগাঁও ডক শ্বিপবিল্ডাৰ্ছ লিমিটেডত নিৰ্মাণ হ’ব এই ডিজেল-ইলেক্ট্ৰিক ছাবমেৰিন। উল্লেখযোগ্য যে ভাৰতে প্ৰায় ডেৰ দশক পূৰ্বে ফ্ৰান্সৰ কোম্পানী ডিচিএনএছৰ সৈতে হোৱা ডিজাইন আৰু কাৰিকৰী সহায়ৰ চুক্তিৰ ভিত্তিত ছখন কালভাৰী শ্ৰেণীৰ স্কোৰ্পিন ছাবমেৰিন নিৰ্মাণ আৰম্ভ কৰিছিল। প্ৰকল্পটোৰ নাম আছিল ‘প্ৰকল্প ৭৫’।
২০১৫ চনৰ অক্টোবৰ মাহত এই শ্ৰেণীৰ প্ৰথমখন ষ্টেলথ ছাবমেৰিন আই এন এছ কালভাৰী নৌসেনাক গতাই দিয়া হৈছিল। এই শ্ৰেণীৰ শেষৰখন ছাবমেৰিন ২০২০ চনৰ নৱেম্বৰ মাহত কমিচন কৰা হৈছিল। তাৰ পিছত যোৱা পাঁচ বছৰত নৌসেনাৰ কোনো নতুন ছাবমেৰিন কমিচন কৰা হোৱা নাই।
নতুন ছাবমেৰিনসমূহৰ দৈৰ্ঘ্য ৬৫ মিটাৰ, প্ৰস্থ ৬.৩ মিটাৰ আৰু উচ্চতা ৬ মিটাৰ। ইয়াৰ HY-100 ফেৰ’মেগনেটিক ষ্টীলৰ, গতিকে ইয়াৰ ‘মেগনেটিক চিগনেচাৰ’ অতি সীমিত, যাৰ ফলত ই শত্ৰুৰ নৌসেনাৰ চোৰাংচোৱাৰ পৰা বহুলাংশে এৰাই চলিব পাৰে।










