
জন্ম-মৃত্যুৰ পঞ্জীয়ন (Birth and death register) সংশোধনী বিধেয়ক (Amendment Bill)খন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে কোনো বিতৰ্ক নোহোৱাকৈ লোকসভাত গৃহীত (Passed in the Lok Sabha) কৰে। জন্ম-মৃত্যুৰ পঞ্জীয়নত যাতে পলম নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে এই আইন সংশোধনৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে কেন্দ্ৰ। চৰকাৰে সংসদত অৱগত কৰিছে যে এই বিধেয়কখন নাগৰিকসকলক সময়মতে জন্ম বা মৃত্যু পঞ্জীয়ন কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰিবলৈ অনা হৈছে।
কিন্তু চৰকাৰী সূত্ৰই জনোৱা মতে, ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ (SIR) সময়ত এক শ্ৰেণীৰ লোকে স্থানীয় পৰ্যায়ত প্ৰভাৱ বিস্তাৰ কৰি বা উৎকোচ দি প্ৰমাণ হিচাপে জমা দি ভুৱা জন্মৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ বহু অভিযোগ উত্থাপন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আইন সংশোধনৰ এই পদক্ষেপ ভৱিষ্যতে এনে প্ৰমাণ পত্ৰৰ জালিয়াতি ৰোধ কৰিবলৈ। কিন্তু বিৰোধী সাংসদসকলে কেন্দ্ৰৰ যুক্তি নাকচ কৰি লোকসভাত বিধেয়কখনক লৈ বিতৰ্কৰ দাবী জনায়। কিন্তু চৰকাৰে সেয়া মানি লোৱা নাই। শুকুৰবাৰে তীব্ৰ উত্তাল পৰিস্থিতিৰ মাজতে বিধেয়কখন আলোচনা অবিহনে গৃহীত হোৱাৰ পাছতে লোকসভাৰ অধিৱেশন এদিনৰ বাবে স্থগিত ৰখা হয়।

সংশোধিত বিধেয়কখনত উল্লেখ কৰা হৈছে যে যদি কোনো জন্ম বা মৃত্যু সংঘটিত হোৱাৰ এবছৰৰ পৰা দুবছৰৰ ভিতৰত পঞ্জীয়ন কৰা হয়, তেন্তে পূৰ্বৰ নিয়মৰ কোনো বিশেষ পৰিৱৰ্তন নহ’ব। তেনে ক্ষেত্ৰত জন্ম-মৃত্যুৰ পঞ্জীয়ন কৰিবলৈ জিলা দণ্ডাধীশ বা মহকুমাধিপতিৰ অনুমতি ল’ব লাগিব। কিন্তু যদিহে জন্ম বা মৃত্যুৰ তাৰিখৰ পৰা দুবছৰ পাৰ হৈ যায় আৰু তাৰ পিছত তথ্য পঞ্জীয়ন কৰাৰ চেষ্টা কৰা হয় তেন্তে আবেদনকাৰীয়ে কঠোৰ নিৰীক্ষণৰ সন্মুখীন হ’ব লাগিব। এনে পৰিস্থিতিত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ অনুমতিৰ ভিত্তিতহে তথ্য পঞ্জীয়ন কৰা হ’ব।
ইয়াৰ ফলত জনসাধাৰণৰ এক বৃহৎ অংশৰ অসুবিধাৰ সৃষ্টি হ’ব বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। আনহাতে, শুকুৰবাৰে ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ব্ৰাইনক বাৰে বাৰে অধিৱেশনত ব্যাঘাত জন্মোৱাৰ বাবে ভৰ্ৎসনা কৰে। লগতে বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অনা ২৬৭ নং নিয়মৰ জাননীও খাৰিজ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিৰোধীৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পিছত উত্তেজনাৰ সৃষ্টি হয়। অৱশেষত সোমবাৰলৈ লোকসভাৰ অধিবেশন স্থগিত ৰখা হয়।











