![]()
সদ্য সমাপ্ত ত্ৰয়োদশ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত নতুনকৈ গঠন হব কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ কাৰ্যকালৰ ৷
এইলৈ পৰিষদৰ ১৪ নং কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ নিৰ্বাচিত প্ৰাৰ্থী ৰাজু তিচ’ৱে আজি বিজেপি দলীয়-কৰ্মী সমৰ্থক সকলক লগতলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ কাৰ্যকালৰ অধ্যক্ষ পদৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷
মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰথম আৰু দ্বিতীয় প্ৰস্তাৱক হিছাপে থাকে ক্ৰমে বিজেপিৰ নিৰ্বাচিত সদস্য অমৰছিং তিছ’ আৰু ৰিছাৰ্ড টকবী ৷
ৰাজু তিচ’ৱে কাৰবি আংলং স্বায়ত্তশাসিত পৰিংষদৰ সাংবিধানিক বিভাগৰ যুটীয়া সচিব বীৰছিং ইংতিৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ ৰাজু তিচ’ৰ মনোনয়ন পত্ৰ দাখিলৰ বিৰুদ্ধে কোনো প্ৰতিদ্বন্ধী নাছিল বাবে অধ্যক্ষ পদৰ বাহে ৰাজু তিচ’ৰ পথ প্ৰশস্ত হ’ল, কেৱল মাত্ৰ আনুষ্ঠিনিকতাহে বাকী আছে ৷













