
এইবাৰ নতুন পদ্ধতি আৰু ভিন্ন পন্থা অৱলম্বন কৰিছে গাঞ্জা সৰবৰাহকাৰীয়ে। বিশেষকৈ গাঞ্জা সৰবৰাহকাৰীয়ে এইবাৰ ৰে’লপথ আৰু পদপথ সংযোজিত কৰি যাত্রীৰ বেশত গাঞ্জা সৰবৰাহ অব্যাহত ৰাখিছে বেলেগ ৰাজ্যৰ মহিলাই।
মঙ্গলবাৰে দুপৰীয়া ত্রিপুৰাৰ উত্তৰ জিলাৰ বাগবাসা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামা প্রসাদ দাসে গোপন খবৰৰ ভিত্তিতেই বিপুল পৰিমাণৰ গাঞ্জাসহ এদল মহিলা যাত্রীক আটক কৰে।
তেওঁলোকৰ প্রত্যেকেই পশ্চিমবঙ্গৰ বিভিন্ন জিলাৰ বাসিন্দা বুলি জনা গৈছে। দুখন গাড়ীত সন্দেহজনক সাতজনী মহিলা আৰু এজন পুৰুষ যাত্রীৰ বেশত বহি থকাত আৰক্ষীৰ সন্দেহ হয়।
তাৰপিছত তেওঁলোকৰ বেগৰ তালাচী লোৱা হয় । তালাচী চলোৱাত তেঁওলোকৰ লগত থকা সৰু-ডাঙৰ বিভিন্ন ধৰণৰ বেগত থকা মুঠ চৌব্বিশ পেকেটত ৫৮.৮০০ কেজি শুকান গাঞ্জা উদ্ধাৰ হয় ।
আটক কৰা হয় সাতগৰাকী মহিলাসহ এজন পুৰুষ সৰবৰাহকাৰীক। ধৃত ব্যক্তিকেইজনৰ নাম হৈছে আশিস দাস (৩০), টুম্পা দাস (২৬), সুষমা সাক্ষী (৩৩), পম্পা দাস (২৯), কাঞ্চন চাহানী (৩০), পিঙ্কি চাহানী (৩৫), ৰম্বা মাহাত্ম্য (৬০) আৰু শোভা মাহাত্ম্য (৩০)।
উদ্ধাৰ হোৱা গাঞ্জাসহ সৰবৰাহকাৰীৰ দলটি বাগবাসা আৰক্ষীৰ তত্বাৱধানত ৰখা হৈছে। এফালে ধর্মনগৰ মহকুমাৰ আৰক্ষী বিষয়া সৌম্য দেৱবর্মাই জনায় যে সৰবৰাহকাৰীৰ দলটি আগৰতলাৰ পৰা ৰে’লেৰে ধর্মনগৰ ৰে’ল ষ্টেচনলৈ আহে।
তাৰপৰা গাড়ীৰে বাগবাসা এলেকালৈ আহি কলকাতা উদ্দেশ্যে যোৱাৰ কথা আছিল সৰবৰাহকাৰী দলটি। জানিব পৰা মতে, উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য আনুমানিক ছয় লাখ টকা। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্তত নামিছে।













