ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ পুৰণা আমোলাপট্টিৰ নিবাসী সঞ্জীৱ শৰ্মা আৰু সংগীতা শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূগোল অধ্যয়ন কেন্দ্ৰৰ মেধাৱী ছাত্ৰ বিদ্যুৎ শৰ্মাই বিশ্ববিদ্যালয় ২০১৯ বৰ্ষৰ স্নাতকোত্তৰ মহলাৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷
উল্লেখ্য যে বিদ্যুৎ গোলাঘাট মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ বিদ্যুতে এই সাফল্যৰ কৃতিত্ব প্ৰদান কৰা অধ্যয়নৰত বিশ্ববিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে পিতৃ-মাতৃক৷













