
অসম ৰাইফলছত (Assam Rifles) ভুৱা নিযুক্তিৰ নামত ধন সংগ্ৰহৰ এক ঘটনা পোহৰলৈ আহিছে। এই সন্দৰ্ভত চিআইডিৰ এক গোচৰৰ ভিত্তিত এজনক গ্ৰেপ্তাৰ। জানিব পৰা মতে, এই ভুৱা নিযুক্তি কাণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্ত ফিৰোজ আলীক।

ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ক্ৰিষ্টিয়ানাপাৰাৰ পৰা ফিৰোজ আলীক বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ বজাত গ্ৰেপ্তাৰ কৰা হয়। ফিৰোজ আলী ওৰফে ফিৰোজ আনছাৰী ওৰফে বি সিঙক এই গোচৰটোৰ মূল মাষ্টাৰমাইণ্ড বুলি সন্দেহ কৰা হৈছে।
আনহাতে, অভিযুক্তৰ ঘৰত আৰক্ষীয়ে তালাচী চলাই দুটা ৱাকী-টকী ছেট আৰু দুটা মোবাইল ফোন জব্দ কৰে। CID P.S. Case No. 07/2026ৰ অধীনত অভিযুক্ত ফিৰোজ আলীক গ্ৰেপ্তাৰ কৰা হয়।












