
যোৰাবাটত বাগৰিল যাত্ৰীবাহী নৈশ বাছ, এগৰাকী মহিলাৰ হাত বিচ্ছিন্ন
চামগুৰিত চেণ্ট্ৰ’ বাহনৰ খুন্দাত এজন নিহত, ধুবুৰীত সংকটজনক অৱস্থাত পথচাৰী
বুঢ়াপাহাৰত ট্ৰাক-টেংকাৰৰ মুখামুখি সংঘৰ্ষ, বৰাকৰ গেমন দলঙতো দুৰ্ঘটনা
━━━━━━━━━━━━━━━━━━━━
গুৱাহাটী, ৫ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত পাঁচটাকৈ পথ দুৰ্ঘটনাত (Road Accident) এজন লোক নিহত হোৱাৰ লগতে কমেও দহজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰে যোৰাবাটত সংঘটিত নৈশ বাছৰ দুৰ্ঘটনাত এগৰাকী মহিলাৰ হাত শৰীৰৰ পৰা বিচ্ছিন্ন হোৱাৰ খবৰ আহিছে। আনহাতে, ধুবুৰীৰ বালাজানত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

### যোৰাবাটত বাগৰিল যাত্ৰীবাহী নৈশ বাছ
━━━━━━━━━━━━━━━━━━━━
আজি পুৱাই যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুলীয়াজানৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AR01M7947 নম্বৰৰ যাত্ৰীবাহী নৈশ বাছখনে আন এখন বাহন অতিক্ৰম কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে।
দুৰ্ঘটনাত এগৰাকী মহিলাসহ দুজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আন পাঁচজন যাত্ৰীও কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
প্ৰাপ্ত খবৰ অনুসৰি, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ এখন হাত শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰে।
ঘটনাস্থলীত যোৰাবাট যানবাহন আৰক্ষী উপস্থিত হৈ আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
### চামগুৰিত চেণ্ট্ৰ’ বাহনৰ দুৰ্ঘটনাত এজন নিহত
━━━━━━━━━━━━━━━━━━━━
নগাঁও জিলাৰ চামগুৰিৰ হেমাবড়িত ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত আন এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়।
কলিয়াবৰৰ পৰা নগাঁও অভিমুখে আহি থকা AS02A6590 নম্বৰৰ চেণ্ট্ৰ’ বাহনখনে তীব্ৰবেগত এখন টেংকাৰৰ পিছফালে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।
নিহত যুৱকজন নগাঁৱৰ বৰবজাৰৰ আবু ইফটিজান জাহান বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
### ধুবুৰীত চাৰিচকীয়া বাহনৰ খুন্দাত পথচাৰী সংকটজনক
━━━━━━━━━━━━━━━━━━━━
ধুবুৰীৰ বালাজান-ডুমৰদহ অঞ্চলৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন পথচাৰী গুৰুতৰভাৱে আহত হয়।
আহত পথচাৰীজন ডুমৰদহ গাঁৱৰ নৈদালি হক।
গোলকগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা AS01BL7230 নম্বৰৰ এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে পথচাৰীজনক খুন্দা মাৰে।
দুৰ্ঘটনাৰ পিছতে সংকটজনক অৱস্থাত স্থানীয় ৰাইজে বালাজান আৰক্ষীৰ সহযোগত আহত লোকজনক উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
আনহাতে, দুৰ্ঘটনাৰ পিছতে বাহনখনৰ চালকে গাড়ী এৰি পলায়ন কৰে বুলি অভিযোগ উঠিছে।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
### বুঢ়াপাহাৰত ট্ৰাক-টেংকাৰৰ মুখামুখি সংঘৰ্ষ
━━━━━━━━━━━━━━━━━━
কলিয়াবৰৰ বুঢ়াপাহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক আৰু এখন অইল টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়।
দুৰ্ঘটনাত চালক আৰু হেণ্ডিমেন আঘাতপ্ৰাপ্ত হয়।
সংঘৰ্ষৰ ফলত উজনি আৰু নামনি অসমৰ মাজৰ যাতায়ত বহু সময় ধৰি বন্ধ হৈ পৰে।
ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পৰৱৰ্তী সময়ত ক্ৰেনৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন পথৰ পৰা আঁতৰাই যাতায়ত পুনৰ মুকলি কৰা হয়।
দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ পঞ্জীয়ন নম্বৰ NL01L5002 আৰু AS01GC5942।
আৰক্ষীয়ে বাহন দুখন জব্দ কৰিছে।
### বৰাকৰ গেমন দলঙত ডাম্পাৰৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ কিয়া বাহন












