
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বহু কেইগৰাকী কিশোৰী নিজৰ ঘৰত অৱগত নকৰাকৈ কামৰ সন্ধানত ওলাই অহাৰ তথ্য লাভ কৰিছিল বিশ্বনাথ জিলা আৰক্ষীয়ে।

জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নিৰ্দেশত জিলা আৰক্ষীৰ এটা শীৰ্ষ দলে অভিযান চলাই গুৱাহাটীৰ পৰা তিনি গৰাকী কিশোৰীসহ এজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, এই কিশোৰ-কিশোৰীৰ সৈতে সামাজিক মাধ্যমত পোৱা নম্বৰত চিনাকি হৈ বিভিন্ন প্ৰলোভন দি গুৱাহাটীলৈ অনা লক্ষীমপুৰৰ আদম টানি নামৰ এজন যুৱকক দলটোৱে আটক কৰে। ধৃত আদম টানিক সোধা-পোছা কৰাৰ পিছত বিকাশ মৰাং নামৰ আন এজন যুৱককো আৰক্ষীয়ে আটক কৰি বিশ্বনাথলৈ লৈ আনে।
ধৃত দুই যুৱকৰ বিৰুদ্ধে বিহালী থানাত ১৪৯/২৬ নম্বৰত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।












