
যোৱা ৩০ অক্টোবৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে অন্ধ্ৰপ্ৰদেশৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি ৰকেট ব্যৱহাৰ কৰি অত্যাধুনিক নেভিগেচন উপগ্ৰহ এনভিএছ-০৩ উৎক্ষেপণ কৰে। বুধবাৰে ই গন্তব্য স্থানত উপস্থিত হয়। উপগ্ৰহটোক একেৰাহে তিনিটা পৰ্যায়ৰ মাজেৰে নিজৰ নিৰ্দিষ্ট কক্ষপথত সফলতাৰে স্থাপন কৰা হৈছে। ইছৰোৰ বিজ্ঞানীসকল এই সফলতাত সুখী। তেওঁলোকে আশাবাদী যে ইয়াৰ দ্বাৰা ভাৰতীয় নেভিগেচন ব্যৱস্থা ‘নাভিক’ (Navigation with Indian Constellation) আৰু অধিক শক্তিশালী হ’ব।
এনভিএছ-০৩ উপগ্ৰহৰ ওজন প্ৰায় ২২৫০ কিলোগ্ৰাম। ইছৰোৰ পৰৱৰ্তী প্ৰজন্মৰ নেভিগেচন ছেটেলাইট ছিৰিজৰ এইটো তৃতীয়টো উৎক্ষেপণ। ইয়াৰ বাহিৰেও ভাৰতে ২০ বাৰ মহাকাশলৈ সফলতাৰে প্ৰেৰণ কৰিছে জিএছএলভি (GSLV) ৰকেট।

বৰ্তমান আমি ৰাস্তাৰ দিশ বিচাৰিবলৈ, মানচিত্ৰত কোনো ঠাইৰ সঠিক স্থান বিচাৰিবলৈ বা সময় গণনা কৰিবলৈ আমেৰিকাৰ প্ৰযুক্তি আৰু উপগ্ৰহৰ পৰা পোৱা তথ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিবলগীয়া হয়। এনভিএছ-০৩য়ে সেই নিৰ্ভৰশীলতা হ্ৰাস কৰিব। ইয়াত ভাৰতৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত ৰুবিডিয়াম পাৰমাণৱিক ঘড়ী আছে, যাৰ বাবে এই উপগ্ৰহটোৱে এল১ (L1), এল৫ (L5) আৰু এছ (S) বেণ্ডত পোনপটীয়াকৈ সংকেত প্ৰেৰণ কৰিব পাৰে। আমি ব্যৱহাৰ কৰা সাধাৰণ স্মাৰ্টফোন বা স্মাৰ্টঘড়ীৰ চিপৰ সৈতে এল১ বেণ্ডটো পোনপটীয়াকৈ সামঞ্জস্যপূৰ্ণ। ফলত সাধাৰণ মানুহে মানচিত্ৰত অধিক সঠিক তথ্য লাভ কৰিব। সময়ৰ হিচাপও অধিক সঠিক হ’ব।
ভাৰতে দীৰ্ঘদিন ধৰি আমেৰিকাৰ জিপিএছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ চেষ্টা কৰি আহিছে। থলুৱা প্ৰযুক্তিৰে নিৰ্মিত নিজাকৈ সম্পূৰ্ণ ভূ-ভিত্তিক ব্যৱস্থা গঢ়ি তোলাত ‘নাভিক’ গুৰুত্বপূৰ্ণ। ইছৰোৰ নতুন উপগ্ৰহটোৱে সেই সপোনক বহু পৰিমাণে আগুৱাই নিব। বৰ্তমান দেশৰ পাঁচখন চহৰ গুৱাহাটী, ভুৱনেশ্বৰ, বেংগালুৰু, আহমেদাবাদ আৰু ফৰিদাবাদৰ আঞ্চলিক ৰেফাৰেন্স ষ্টেণ্ডাৰ্ড লেবৰেটৰীত ৰাষ্ট্ৰীয় সময়ৰ সৈতে সামঞ্জস্যপূৰ্ণ গৌণ সময়-মাপকাঠি প্ৰস্তুত কৰা হৈছে। এনভিএছ-০৩ উপগ্ৰহৰ তথ্যই সেই ব্যৱস্থাটোক আৰু অধিক সমৃদ্ধ কৰিব।











