
পুনৰ এক এনকাউণ্টাৰ। এইবাৰ অৱশ্যে ঘটনাৰ স্থান মধ্যপ্ৰদেশ (Madhyapradesh Encounter)। মঙলবাৰে নিশা ৰাজ্যখনৰ দুটা পৃথক স্থানত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় দুই অভিযুক্ত। অভিযোগ অনুসৰি, আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকৰ ৰিভলভাৰ কাঢ়ি লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে। কিন্তু অভিযুক্তক ৰখাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও গুলীচালনা কৰা বুলি দাবী কৰা হৈছে। এই ঘটনাত দুই অভিযুক্ত আহত হয়।

মধ্যপ্ৰদেশৰ দেৱাছত কৰ্তব্যৰত এজন আৰক্ষী বিষয়া ট্ৰাকৰ খুন্দাত নিহত হয়। জানিব পৰা মতে, গুজৰাটৰ এখন ট্ৰাকত অবৈধ সুৰা সৰবৰাহ হোৱা বুলি গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত সোমবাৰে পুৱা ইন্দোৰ-বেতুল ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী আৰম্ভ কৰে। এছএইচঅ’ দিলীপ পুৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই তালাচী চলায়। নাকা পৰীক্ষাৰ সময়ত বিষয়াজনে ১৮০০ লিটাৰতকৈ অধিক সুৰা থকা এখন ট্ৰাক আবদ্ধ কৰে। আৰক্ষীয়ে সোধা-পোছা আৰম্ভ কৰাত চালকজনে ট্ৰাকখন লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে। কিন্তু ট্ৰাকখন ৰাস্তাৰ কাষৰ ডিভাইডাৰৰ বিপৰীতে ওপৰলৈ উঠি যায়। সেই সময়ত ট্ৰাকৰ পিছফালৰ চকাই দিলীপ পুৰীক মহতিয়াই নিয়ে। ফলত আৰক্ষী বিষয়াজনৰ থিতাতে মৃত্যু হয়।
আৰক্ষী অধীক্ষক আদিত্য মিশ্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ঘটনাৰ পিছৰে পৰা ট্ৰাকচালক গজেন্দ্ৰ ওৰফে আক্কু ৰাৱট পলাতক হৈ আছিল। মঙলবাৰে আলিৰাজপুৰ জিলাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে। দেৱাছলৈ যোৱাৰ পথত তেওঁ আৰক্ষীৰ পৰা ৰিভলভাৰ কাঢ়ি লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে। আনকি ধৰা পৰাত গুলীচালনাও কৰে। আত্মৰক্ষাৰ বাবে গুলীচালনা কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। আৰক্ষীৰ গুলীয়ে গজেন্দ্ৰৰ ভৰিত আঘাত কৰে। আঘাতৰ বাবে তেওঁক প্ৰথমে দেৱাছ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাৰ বাবে ইন্দোৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, গজেন্দ্ৰৰ সৈতে ধীৰাজ নামৰ এজন লোক ট্ৰাকখনত সহায়ক হিচাপে আছিল। দেৱাছ চহৰৰ আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই কয় যে এই ঘটনাত আন এটা আৰক্ষী দলে ধীৰাজকো গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক থানালৈ লৈ যোৱা হয়। কিন্তু দেৱাছ এলেকাত আৰক্ষীৰ জিম্মাত থকা ধীৰাজেও পলাবলৈ চেষ্টা চলায়। আৰক্ষী বিষয়াৰ পৰা ৰিভলভাৰ কাঢ়ি লৈ গুলী চলাবলৈ চেষ্টা কৰাৰো অভিযোগ। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত ধীৰাজ আহত হয়। তেওঁৰ সোঁ ভৰিত গুলী লাগে। বৰ্তমান তেওঁ দেৱাছ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আনহাতে, মধ্যপ্ৰদেশৰ ভূপালতো মঙলবাৰে সংঘটিত হয় এক ‘এনকাউণ্টাৰ’ কাণ্ড। অৱসৰপ্ৰাপ্ত আইএএছ ৰাকেশ আগৰৱালাৰ হত্যাকাণ্ডৰ ‘মূল’ অভিযুক্ত বৰুণ কুমাৰক উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মঙলবাৰে ধৃত ব্যক্তিজনক মধ্যপ্ৰদেশৰ ভূপাললৈ লৈ গৈছিল। দাবী কৰা হৈছে যে সেই সময়ত তেওঁ আৰক্ষীৰ জিম্মাত পৰা পলাবলৈ চেষ্টা কৰে। লগতে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দাবী কৰা হৈছে যে তেওঁ আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে গুলীচালনা কৰাত অভিযুক্তৰ ভৰিত গুলী লাগে।








