ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US midterms election I মধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰামৰ দল, কংগ্ৰেছৰ কৰ্তৃত্ব হেৰুৱাই ট্ৰাম্পে দেখুৱাইছে নিজৰ ‘ভেটো’ কাৰ্ড

News Desk by News Desk
November 5, 2026
Reading Time: 1 min read
A A
0
US midterms election I মধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰামৰ দল, কংগ্ৰেছৰ কৰ্তৃত্ব হেৰুৱাই ট্ৰাম্পে দেখুৱাইছে নিজৰ ‘ভেটো’ কাৰ্ড

RELATED POSTS

E20 Petrol controversy I ই-২০ পেট্ৰ’ল বিতৰ্ক, কৰ্ণাটকৰ পিছত এইবাৰ কেৰালাম চৰকাৰৰ নমুনা সংগ্ৰহ

Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ

Delhi pollution I দিল্লীত এতিয়া বতাহত বিষ, ৰাষ্ট্ৰীয় গুণমানৰ ৬০ গুণ

New Logo Smal 1 | ASSAM TIMES POST

সমগ্ৰ দেশতে ধুমুহাৰ গতিত আমেৰিকান কংগ্ৰেছৰ নিয়ন্ত্ৰণ দখল কৰিছে ডেম’ক্ৰেটিক পাৰ্টীয়ে (US midterms election)। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ নিৰ্বাচিত প্ৰাৰ্থীক আমেৰিকান জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে। মধ্যকালীন নিৰ্বাচনী প্ৰচাৰৰ সময়ত ট্ৰাম্পে দেশবাসীক কৈছিল, “ধৰি লওক মোৰ নাম বেলটত আছে, আৰু সেই বুলিয়ে ভোট দিয়ক।” কিন্তু বাস্তৱত তেওঁৰ প্ৰাৰ্থীসকলে দশক দশক ধৰি ৰিপাব্লিকানৰ দুৰ্গতো পৰাস্ত হৈছে। উদাহৰণস্বৰূপে, কেনছাছ। ১৯৩০ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ ছিনেটৰ আসনখন ডেম’ক্ৰেটসকলে দখল কৰিছে। টেক্সাছতো ১৯৮৮ চনৰ পিছত ৰিপাব্লিকানে ছিনেট হেৰুৱাইছে। কেৱল সেয়াই নহয়, টেক্সাছৰ গৱৰ্ণৰ পদো ডেম’ক্ৰেটসকলৰ দখললৈ গৈছে। জিনা হিনোজোছাই তিনিবাৰৰ ৰিপাব্লিকান গৱৰ্ণৰ গ্ৰেগ এবটক পৰাস্ত কৰে। ট্ৰাম্পৰ দিনত লেটিন আমেৰিকাৰ দেশ আৰু গ্ৰাম্য লোকৰ মাজত ৰিপাব্লিকানসকলৰ প্ৰভাৱ বৃদ্ধি পাইছে। কিন্তু এটা নিশাৰ ভিতৰতে সকলো মচি পেলোৱা হৈছে।

US midterms election I
মধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰামৰ দল, কংগ্ৰেছৰ কৰ্তৃত্ব হেৰুৱাই ট্ৰাম্পে দেখুৱাইছে নিজৰ ‘ভেটো’ কাৰ্ড:

আইঅ’ৱা, কেনছাছ, মেইন, নৰ্থ কেৰ’লিনা, দক্ষিণ কেৰ’লিনা, অহিঅ’ আৰু টেক্সাছ— এই সাতখন ছিনেটৰ আসন ডেম’ক্ৰেটসকলে ৰিপাব্লিকানসকলৰ পৰা কাঢ়ি লৈ গৈছে। কিন্তু তেওঁলোকৰ দখলত থকা এখনো আসন হেৰুওৱা নাই। ৰিপাব্লিকান দলৰ পৰা হাউছ অব ৰিপ্ৰেজেণ্টেটিভৰ ৪৩৫ খন আসনৰ ভিতৰত ২৫ খন আসন কাঢ়ি লৈছে ডেম’ক্ৰেট দলে। এইটো সঁচা যে আমেৰিকাত মধ্যকালীন নিৰ্বাচন সাধাৰণতে শাসকীয় দলৰ বাবে বেয়া হয়। হাউছ অব ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ ৰিপাব্লিকান মাইক জনছনে কয়, “আমি জানিছিলোঁ যে সদনত সংখ্যাগৰিষ্ঠতা বজাই ৰাখিবলৈ হ’লে যোৱা ১০০ বছৰৰ মধ্যকালীন নিৰ্বাচনৰ ইতিহাস সলনি কৰিব লাগিব।” কিন্তু আমেৰিকাৰ ভোটাৰসকলে যি তীব্ৰতাৰে ট্ৰাম্পৰ দলটোক নাকচ কৰিছে, সেয়া ইতিহাসত অভূতপূৰ্ব।

আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনৰ ইতিহাসে দেখুৱাইছে যে বিগত শতিকাত শাসকীয় দলটোৱে মাত্ৰ তিনিবাৰহে জয়লাভ কৰিছে। সেয়া ১৯৩৪ চনত, যেতিয়া ফ্ৰেংকলিন ডি ৰুজভেল্ট ৰাষ্ট্ৰপতি আছিল। ১৯৯৮ চনত বিল ক্লিণ্টনৰ কাৰ্যকালত আৰু ২০০২ চনত জৰ্জ ডব্লিউ বুশ্বৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত। হোৱাইট হাউছত ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ২০১৮ চনৰ মধ্যকালীন নিৰ্বাচনত ৰিপাব্লিকান দলে হাউছ অব ৰিপ্ৰেজেণ্টেটিভছত পৰাস্ত হৈছিল যদিও ছিনেটত এখন আসন লাভ কৰিছিল। এইবাৰ ট্ৰাম্পে হাউছ অব ৰিপ্ৰেজেণ্টেটিভছত ৰিপাব্লিকান দলৰ সংখ্যাগৰিষ্ঠতা বজাই ৰাখিবলৈ বিভিন্ন ৰাজ্যত পুনৰ জিলা গঠনৰ এক হতাশজনক প্ৰচেষ্টা চলায়। কিছুমান ক্ষেত্ৰত তেওঁ সফল হয়। কিছুমান ক্ষেত্ৰত ৰাজনৈতিক প্ৰতিৰোধ আৰু আইনী বাধাৰ বাবে পিছুৱাই যাবলগা হয়। কিন্তু তেওঁ সীমা সলনি কৰিবলৈ সক্ষম হোৱা বহু আসনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থীসকলে জয়লাভ কৰে। টেক্সাছৰ পাঁচখন পুনৰ জিলা আসনৰ অধিকাংশই তেওঁলোকে দখল কৰে।

ইতিমধ্যে হোৱাইট হাউছে এই বৃহৎ দুৰ্যোগৰ দায়িত্ব এৰাই চলিবলৈ চেষ্টা আৰম্ভ কৰিছে। ট্ৰাম্পে স্বাভাৱিকভাৱে দাবী কৰে যে তেওঁ নিজেই ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’লে বিপুল ব্যৱধানত জয়ী হ’লহেঁতেন। অৱশ্যে বৰ্তমান সেই চৰিত্ৰৰ পৰা আঁতৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। নিৰ্বাচনত পৰাজয়ক প্ৰৱঞ্চনামূলক বুলি উলাই কৰাটো ট্ৰাম্পৰ স্বভাৱ। ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জো বাইডেনৰ হাতত হোৱা পৰাজয় তেওঁ এতিয়াও স্বীকাৰ কৰা নাই। কিন্তু মঙলবাৰে নিশা ফক্স নিউজৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত তেওঁ সেই অভিযোগ উত্থাপন কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁ ডেম’ক্ৰেট দলৰ প্ৰশংসা কৰে। তেওঁ স্বীকাৰ কৰে যে এই পৰাজয়ৰ বাবে তেওঁৰ ইৰাণ নীতি আংশিকভাৱে হ’লেও দায়ী। ইজৰাইলৰ হেঁচাত ইৰাণৰ ওপৰত জাপি দিয়া যুদ্ধ, তাৰ ফলত তেলৰ মূল্যবৃদ্ধি আৰু বজাৰৰ উচ্চ মূল্যই নিঃসন্দেহে আমেৰিকাৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক প্ৰভাৱিত কৰিছে। কিন্তু সামগ্ৰিক ছবিখন সেয়া নহয়। বহুতে কয় যে এই পৰাজয়ৰ কাৰণো ‘ট্ৰাম্পইজম’।

বুধবাৰে মধ্যকালীন নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ পিছত হাউছ অব ৰিপ্ৰেজেণ্টেটিভছৰ ডেম’ক্ৰেটিক সংখ্যালঘু নেতা হাকিম জেফ্ৰিছে কয়, “আমেৰিকাৰ জনসাধাৰণে স্পষ্ট কৰি দিছে যে তেওঁলোকে আৰু অত্যাচাৰ সহ্য নকৰে।” জনছনৰ ঠাইত জেফ্ৰিছ এতিয়া অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে। নিউয়ৰ্কৰ ডেম’ক্ৰেটিক ছিনেটৰ ছাক শ্বুমাৰে মন্তব্য কৰে, “মই আমেৰিকাৰ জনসাধাৰণক এটা কথা ক’ব বিচাৰোঁ, সকাহ আহি আছে।” যোৱা দুবছৰ ধৰি কংগ্ৰেছৰ ৰিপাব্লিকান সদস্যসকল ট্ৰাম্পৰ আধিপত্যৰ তলত কাৰ্যতঃ থৰক-বৰক হৈ পৰিছে। ইৰাণৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি শুল্ক যুদ্ধলৈকে আমেৰিকান কংগ্ৰেছে ৰাষ্ট্ৰপতিগৰাকীৰ স্বেচ্ছাচাৰিতাৰ মৌন দৰ্শক হৈ আহিছে। ডেম’ক্ৰেটৰ জয়ৰ লগে লগে ছবিখন সলনি হ’ব। কংগ্ৰেছ আৰু ট্ৰাম্পৰ মাজত সংঘৰ্ষ অনিবাৰ্য। ৩ জানুৱাৰীত নতুন কংগ্ৰেছ গঠন হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ অজনপ্ৰিয় বিধেয়কখন গৃহীত কৰিবলৈ ছিনেট বা সদনৰ সন্মুখত আৰু কোনো বাধা নাথাকিব।

এই দুখজনক পৰাজয় ট্ৰাম্পৰ ‘এনানায়কত্ববাদী’ শাসন পদ্ধতিৰ সৈতে সম্পূৰ্ণ বিসঙ্গতিপূৰ্ণ। তেওঁৰ শাসনৰ মূল আহিলা হ’ল ‘ভয়’। হয় কৰ্তৃত্ব গ্ৰহণ কৰক, চৰ্ত অনুসৰি কাম কৰক, নহয় তাৰ পৰিণাম ভোগ কৰিবলৈ সাজু হওক। ক্ষমতাৰ এই মৌলিক দৰ্শন অনুসৰি ট্ৰাম্পে ভেনিজুৱেলাক আক্ৰমণ কৰিছিল। তেওঁ এখন সাৰ্বভৌম দেশৰ ৰাষ্ট্ৰপতিক তুলি লৈ কাৰাগাৰত ভৰাই থৈছিল। তেওঁ ইৰাণত বোমা বিস্ফোৰণ কৰি ইয়াৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনিক হত্যা কৰিলে। তেওঁ আধা বিশ্বৰ ওপৰত শাস্তিমূলক শুল্ক আৰোপ কৰিছে। এই দৰ্শন মঙলবাৰে নিশা ছিন্নভিন্ন হৈ পৰিল। প্ৰশ্ন হয়, ট্ৰাম্পে এই বাস্তৱতাৰ লগত কিমান খাপ খাব পাৰিব।ভোটৰ স্বৰূপ স্পষ্ট হৈ পৰাত আমেৰিকাৰ  ৰাষ্ট্ৰপতিয়ে ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছে। ছবিখন হৈছে ৰিপাব্লিকান পাৰ্টীৰ ৰঙা টুপী।

তাৰ ওপৰত বগা ৰঙেৰে লিখা আছে ‘ভেটো’। পিছত সংবাদ মাধ্যম এনবিচিৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত তেওঁ কয়, “মই মিষ্টাৰ ভেটো হ’ম।” আমেৰিকাৰ সংবিধানৰ ১নং অনুচ্ছেদৰ ৭নং ধাৰা অনুসৰি, আমেৰিকাৰ কংগ্ৰেছে গৃহীত কৰা সকলো বিধেয়ক ৰাষ্ট্ৰপতিৰ হাতলৈ যায়। মান্তি হ’লে সেইবোৰত চহী কৰিব। যদি নহয় আপত্তি কৰাৰ কাৰণ লৈ ঘূৰাই পঠিয়াব। ৰাষ্ট্ৰপতিয়ে ভেটো দিয়া বিধেয়কখন গৃহীত কৰিবলৈ হ’লে ছিনেট আৰু হাউছ উভয়ৰে দুই তৃতীয়াংশ সদস্যৰ সন্মতি ল’ব লাগিব। ১০০ জনীয়া ছিনেটত এই সংখ্যা ৬৭ জন। ৪৩৫ জনীয়া হাউছত এই সংখ্যা হৈছে ২৯০ জন। দুয়োটা সদনতে ডেম’ক্ৰেটসকলৰ ইমান সংখ্যাগৰিষ্ঠতা নাই। ফলত ৰিপাব্লিকান প্ৰতিনিধিৰ এক বৃহৎ অংশই সমৰ্থন নকৰিলে আমেৰিকাৰ কংগ্ৰেছে ৰাষ্ট্ৰপতিগৰাকীৰ ইচ্ছাৰ বিৰোধিতা কৰাটো সম্ভৱ নহয়। ১৭৮৯ চনৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলে ২,৫৯৯ বাৰ ভেটো দিছে। মাত্ৰ ১১২টা ভেটো বাতিল কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কংগ্ৰেছৰ কৰ্তৃত্ব হেৰুৱাই ট্ৰাম্পে দেখুৱাইছে নিজৰ ‘ভেটো’ কাৰ্ডদলমধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰামৰ
Share4Tweet3Send

Related Posts

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol controversy I ই-২০ পেট্ৰ’ল বিতৰ্ক, কৰ্ণাটকৰ পিছত এইবাৰ কেৰালাম চৰকাৰৰ নমুনা সংগ্ৰহ

by News Desk
November 10, 2026
50
Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ

by News Desk
November 10, 2026
50
Delhi pollution I দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু
National-International

Delhi pollution I দিল্লীত এতিয়া বতাহত বিষ, ৰাষ্ট্ৰীয় গুণমানৰ ৬০ গুণ

by News Desk
November 10, 2026
50
Dimagi Naxals । ‘ডিমাগী নক্সাল’ক লৈ মুখামুখি বিতৰ্ক কৰিবলৈ মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ, পুনৰ যাব মণিপুৰ ভ্ৰমণলৈ
National-International

Dimagi Naxals । ‘ডিমাগী নক্সাল’ক লৈ মুখামুখি বিতৰ্ক কৰিবলৈ মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ, পুনৰ যাব মণিপুৰ ভ্ৰমণলৈ

by News Desk
November 9, 2026
50
Diwali accident I দীপাৱলীৰ নিশাৰ অগ্নিকাণ্ডত দুমহীয়া কেঁচুৱাকে ধৰি দুটা পৰিয়ালৰ ১২ জনৰ মৃত্যু, অগ্নিদগ্ধ কমেও ৩৫
National-International

Diwali accident I দীপাৱলীৰ নিশাৰ অগ্নিকাণ্ডত দুমহীয়া কেঁচুৱাকে ধৰি দুটা পৰিয়ালৰ ১২ জনৰ মৃত্যু, অগ্নিদগ্ধ কমেও ৩৫

by News Desk
November 9, 2026
50
Tragic Independence Day Incident: Husband Allegedly Kills Wife in Guwahati
National-International

Agra rape victim dies I ১০ দিনীয়া জীৱন যুঁজৰ অন্ত, আগ্ৰাৰ দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকাৰ মৃত্যু, ভাঙিছিল শৰীৰৰ একাধিক হাড

by News Desk
November 9, 2026
51
ADVERTISEMENT
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol controversy I ই-২০ পেট্ৰ’ল বিতৰ্ক, কৰ্ণাটকৰ পিছত এইবাৰ কেৰালাম চৰকাৰৰ নমুনা সংগ্ৰহ

November 10, 2026
50
Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ

November 10, 2026
50
Delhi pollution I দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু
National-International

Delhi pollution I দিল্লীত এতিয়া বতাহত বিষ, ৰাষ্ট্ৰীয় গুণমানৰ ৬০ গুণ

November 10, 2026
50
Four Poachers Arrested in Assam’s Teok; One Injured in Rhino Attack
Assam

Four Poachers Arrested in Assam’s Teok; One Injured in Rhino Attack

November 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol controversy I ই-২০ পেট্ৰ’ল বিতৰ্ক, কৰ্ণাটকৰ পিছত এইবাৰ কেৰালাম চৰকাৰৰ নমুনা সংগ্ৰহ

November 10, 2026
Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ

Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ

November 10, 2026
Delhi pollution I দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু

Delhi pollution I দিল্লীত এতিয়া বতাহত বিষ, ৰাষ্ট্ৰীয় গুণমানৰ ৬০ গুণ

November 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d