
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড (Guwahati Murder)। মহানগৰীৰ নাৰেংগীৰ শান্তি নগৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। জানিব পৰা মতে, জুৱাখেলৰ (ঝাণ্ডি-মুণ্ডি) বাবেই এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰা হয়।

জুৱাৰীৰ দলবদ্ধ আক্ৰমণত যুৱকজন থিতাতে নিহত হয়। নিহত যুৱকজনক গোলোক ৰাভা (৪০) বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছে।












