ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

আলফা (স্বা) ৰ ৬ জনীয়া দলৰ টকা সংগ্ৰহৰ উদ্দেশ্যৰে ঘটিছিল আগমনঃ তিনিচুকীয়া আৰক্ষী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 4, 2022
Reading Time: 1 min read
A A
0
আলফা (স্বা) ৰ ৬ জনীয়া দলৰ টকা সংগ্ৰহৰ উদ্দেশ্যৰে ঘটিছিল আগমনঃ তিনিচুকীয়া আৰক্ষী

RELATED POSTS

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ধন সংগ্ৰহৰ উদ্দেশ্যেৰে আলফা স্বাধীনৰ ছয়জনীয়া দলটো অসমত প্ৰৱেশ কৰা বুলি সম্ভাৱনা ব্যক্ত কৰে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে । আজি আহ্বান জনোৱা এক সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে যে- যদিও আলফা স্বাধীনৰ ফালৰ পৰা দলটোৱে ঔষধ-পাতি সংগ্ৰহ কৰিবলৈ তিনিচুকীয়া জিলাত প্ৰৱেশ ঘটা বুলি দাবী কৰা হৈছে, সেই দাবীৰ কোনো ভিত্তি নাই ।

আলফা (স্বা)
তেওঁলোকে অৰুণাচলৰ পৰা অথবা আন কোনো লোকক ব্যৱহাৰ কৰি ঔষধ-পাতি সংগ্ৰহ কৰিব পাৰে। তদুপৰি ঔষধ-পাতি সংগ্ৰহ কৰিবলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ অহাৰ যুক্তিযুক্ততায়ে বা কিমান । তেনেস্থলত তেওঁলোকে ধন সংগ্ৰহ অভিযানৰ বাবেই তিনিচুকীয়া জিলাত প্ৰৱেশ কৰা বুলি ভবাৰ থল আছে ।

স্মৰ্তব্য যে যোৱা ১ জুলাই তাৰিখে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ দ-পথাৰ মাজগাঁৱত বাবা চাংমাই নামৰ এজন লোকৰ ঘৰত আশ্রয় লৈ থকা এটা সশস্ত্ৰ আলফা স্বাধীনৰ দলৰ সৈতে সেনা-আৰক্ষীৰ তুমুল সংঘৰ্ষ হৈছিল য’ত উগ্ৰপন্থী দলটোৰ এজন সদস্যৰ মৃত্যু হয় ।

আলফা স্বাধীনৰ একপক্ষীয় যুদ্ধবিৰতিৰ মাজতে সংঘটিত এই সংঘৰ্ষক লৈ বিভিন্ন মহলে বিভিন্ন ধৰণে চৰ্চা কৰাৰ বিপৰীতে সেনাধ্যক্ষ পৰেশ বৰুৱাই ৬ সদস্যই ঔষধ সংগ্ৰহ কৰিবলৈ অহা বুলিহে সংবাদমাধ্যম যোগে দাবী কৰিছে।

পৰেশ বৰুৱাৰ এই দাবীক নসাৎ কৰি আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কাকপথাৰ সংঘৰ্ষ সন্দৰ্ভত বিস্তৃত বিৱৰণ দাঙি ধৰি কয় যে- তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত এটা সশস্ত্ৰ উগ্ৰপন্থীৰ দলে বিচৰণ কৰি থকা বুলি চোৰাংচোৱা তথ্যৰ ভিত্তিত তেওঁলোকে খবৰ লাভ কৰিছিল যদিও সেয়া আলফা স্বাধীনৰ দল বুলি নিশ্চিত হোৱা নাছিল । যিহেতু আলফাৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা আৰু আলোচনাৰ কথা এটা চলি আছে তেনেস্থলত সেয়া ভবাৰ থল নাছিল ।

আলফাৰ ৬ জনীয়া দলটোৱে কি উদ্দেশ্য লৈ অসমত প্ৰৱেশ কৰা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- যিহেতু বহু ল’ৰা সংগঠনটোত নতুনকৈ যোগদান কৰিছে তেওঁলোকক চলাই নিবলৈ নিশ্চয়কৈ বহু অৰ্থৰ প্ৰয়োজন হ’ব ।

তেনেস্থলত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দলটোৱে অৰ্থ সংগ্ৰহ অভিযানত অহা বুলি ভবাৰ থল আছে ।এক অৰ্থৎ তেওঁলোকে কিবা কুটাঘাত সংঘটিত কৰিবলৈ অহা বুলিয়েই ধাৰণা কৰিব পাৰি । নতুবা গোপনে কোনো ব্যৱসায়ীয়ে তেওঁলোকক ধন দি সহায় কৰিবও পাৰে । অৰ্থ অবিহনে শিৱিৰ চলোৱা অসম্ভৱ । সেইদৰে অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিব হ’লেও বিপুল পৰিমাণৰ অৰ্থৰ প্ৰয়োজন ।

তেনেস্থলত ধন সংগ্ৰহৰ বাবেই দলটোৰ আগমন ঘটা বুলি ধাৰণা কৰিব পাৰি।অধীক্ষকগৰাকীয়ে আলফা-চৰকাৰৰ আলোচনাৰ প্ৰসংগ উত্থাপন কৰি শান্তিৰ এক আলোচনা হোৱাটো প্ৰত্যেকেই বিচাৰে বুলি মত পোষণ কৰে।

আনহাতে, আলফাৰ শিৱিৰলৈ সময়ে সময়ে তিনিচুকীয়া জিলাৰ পৰা এক বুজন পৰিমাণৰ ধন প্ৰেৰণ কৰি অহা বুলি উত্থাপিত ৰাজহুৱা অভিযোগ সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, “সমুদায় প্ৰক্ৰিয়াটো লক্ষ্য কৰিলে এটা কথা পোহৰলৈ আহে যে আলফা কোনো ব্যৱসায়ৰ লগত জড়িত নহয় ।

এন এচ চি এনে যিদৰে কৰ সংগ্ৰহ অভিযানেৰে সংগঠন চলাই আহিছে সেই ব্যৱস্থাও আলফাৰ নাই । তদুপৰি কোনো বিদেশী ৰাষ্ট্ৰৰ পৰা তেওঁলোকে সহায় লোৱা নাই বুলি কয় । খেতি-বাতিৰ জৰিয়তে তেওঁলোকে যিখিনি কৰি আহিছে সেয়া খোৱা-বোৱা কৰোতে চলি যায়। এনে প্ৰেক্ষাপটত ধনদাবীৰ বাহিৰে তেওঁলোকৰ আন বিকল্প পথ নাই । যিখিনি লোকে ভিতৰি ভিতৰি তেওঁলোকক সহায় কৰি আহিছে তেওঁলোক ব্যৱসায়ী অথবা চাকৰিয়াল হোৱাৰ সম্ভাৱনা আছে।”

তেওঁ লগতে ১ জুলাইৰ সংঘৰ্ষৰ লগত জড়িত দলটোক ৰূপম অসমে নেতৃত্ব দিয়া বুলি উল্লেখ কৰি সংঘৰ্ষৰ দিনটোতে তেওঁলোক নিৰাপদে অসমৰ পৰা বাহিৰ হ’বলৈ সম্ভৱ হোৱা বুলি প্ৰকাশ কৰে।

আনফালে আলফা স্বাধীনৰ ৬ জনীয়া দলটোৱে আশ্রয় লৈ থকা বাবা চাংমাইৰ পৰিয়ালটো সেনা-আৰক্ষীৰ বাবে বিপদত পৰিব পাৰে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ তেনে সম্ভাৱনা পোনচাতেই নাকচ কৰি দলটোৱে বলপূৰ্বক চাংমাইৰ ঘৰত আশ্রয় লোৱা বুলি কয় ।

তেওঁ লগতে যুদ্ধবিৰতি চলি থকাৰ মাজতে এনে এটা গতি-বিধি গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি উল্লেখ কৰি আলফা স্বাধীনৰ একপক্ষীয় যুদ্ধবিৰতিৰ সময়ত এইপৰ্যন্ত তিনিচুকীয়া জিলাৰ ২৪ গৰাকীয়ে নিষিদ্ধঘোষিত সংগঠনটোত যোগদান কৰা বুলি জানিবলৈ দিয়ে ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ulfaআলফা
Share5Tweet3Send

Related Posts

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
52
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
51
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
54
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
53
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
51
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
52
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
52
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d