![]()
গুজৰাটত বিগত তিনি দিন ধৰি চলি আছে ধাৰাসাৰ বৰষুণ। ফলত সৃষ্টি হৈছে বান পৰিস্থিতিৰ। আনহাতে, প্রবল বৰষুণৰ ফলত গুজৰাটত এটি ঘৰৰ দেৱাল খহি পৰি প্রাণ হেৰুৱালে আঠজন লোকে। লগতে আন কেইবাজনো আহত হোৱা বুলিও জানিব পৰা গৈছে। সোমবাৰে ঘটনাটি ঘটে গুজৰাটৰ ৰাজকোটত।
প্রশাসন সূত্রে খবৰ পোৱা গৈছে যে ৰাজ্যত তাকে লৈ মুঠ ৬৪ জনে প্রাণ হেৰুৱালে। মৃতকৰ পৰিসংখ্যা অনুসৰি ৩৩ জনৰ মৃত্যু হৈছে বজ্রপাত পৰি। দেৱাল খহি পৰি প্রাণ হেৰুৱালে আঠজনে। গছ পৰি আৰু পানীত ডুবি প্রাণ হেৰুৱাইছে যথাক্রমে ১৬ আৰু ৬ জনে। বিদ্যুতৰ খুঁটা পৰি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এজন ব্যক্তিৰ।
বতৰ বিজ্ঞানীৰ সূত্র মতে, সোমবাৰে নিশা ১৭৭.৮ মিলিমিটাৰ বৃষ্টিপাত হৈছে ৰাজকোটত। ৰাস্তাত পানী জমা হোৱাৰ ফলত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে চহৰৰ বাসিন্দাসকলৰ। এই বিপর্যয়ৰ মাজতে ৰাজকোটত আৰু বৰষুণ হোৱাৰ পূর্বাভাস দিছে বতৰ বিজ্ঞানীয়ে। তাৰ পিছত চহৰৰ স্কুল-কলেজ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে প্রশাসনে।
লগতে চহৰৰ বান দুর্গত পৰিস্থিতি চম্ভালিবলৈ অজী-২ বান্ধৰ চাৰিটা গে’ট খোলাৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ আগতে বান্ধৰ নিকটৱর্তী তলৰ অঞ্চলত থকা মানুহখিনিক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হ’ব।
ৰাজকোটৰ দৰেই আহমেদাবাদতো বিধ্বস্ত পৰিস্থিতি বৰষুণত। সোমবাৰে তাত মাত্র তিনি ঘণ্টাত ১১৫ মিলিমিটাৰ বৃষ্টিপাত হৈছে। বতৰ বিজ্ঞানীয়ে দাবী কৰে যে, যোৱা পাচ বছৰত বৰষুণৰ ৰেকর্ড এয়া। দক্ষিণ আৰু মধ্য গুজৰাটত যোৱা ২৪ ঘণ্টাত প্রায় অবিৰতভাৱে বৰষুণৰ ফলত সূচনা হৈছে বান পৰিস্থিতিৰ। আগন্তুক পাঁচ দিনত আৰু বৰষুণ হোৱাৰ সম্ভাবনা আছে বুলি জনাইছে বতৰ বিজ্ঞানীয়ে।
প্রশাসন সূত্রৰ খবৰ অনুযায়ী, বৰষুণত সকলোতকৈ বেছি ক্ষতিগ্রস্ত হৈছে নৰসাৰী, বলসাড, নর্মদা, সৰু উদৈয়পুৰ, পঞ্চমহল আৰু ডংগ জিলা। জৰুৰীকালীন ভিত্তিত তাত পদক্ষেপ লোৱা হৈছে।










