ASSAM TIMES POST
ডিব্ৰুগড়ঃ অতি গুৰুতৰভাবে হঠাৎ অসুষ্ঠ হৈ পৰা সাংসদ ৰামেশ্বৰ তেলীক আজি নিশা ৭ বজাত উন্নত চিকিৎসাৰ বাবে অসম মেডিকেল কলেজৰ হৃদৰোগ বিভাগত ভৰ্তি কৰোৱা হয়। আজি দিনৰ ভাগত ডিগবৈৰ এক সংকল্প যাত্ৰাত অংশ গ্ৰহন কৰোতে হঠাৎ ধলি পৰিবলৈ লঁওতেই কাষতে থকা এগৰাকী নিৰাপত্তাৰক্ষীয়ে ধৰি লয় আৰু তাৎক্ষনিকভাবে তিনিচুকীয়াৰ চিভিলত হাস্পতালত ভৰ্তি কৰে।
তিনিচুকীয়াত বিশেষ সুফল নোপোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ হৃদৰোগ বিভাগৰ আইচিইউৰ ৬ নং বিচনাত ভতি কৰি বিশেষজ্ঞ ডাঃ হেমচন্দ্ৰ কলিতাৰ সহিতে এটা বিশেষ গোটে চিকিৎসা প্ৰদান কৰে। মনিটৰত সকলো পৰ্যবেষণ কৰি থকাৰ লগতে বহুকেইটা পৰীক্ষা কৰিবৰ বাবেও যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে কালিলৈহে দিনৰ দহ বজাৰ ভিতৰত উক্ত পৰীক্ষা সম্পন হ’ব আৰু সেই অনুসৰি যাৱতীয় চিকিৎসা প্ৰদান কৰা হ’ব বুলিও চিকিৎসালয়ৰ সূত্ৰই সদৰি কৰিছে। বৰ্তমানে গুৰুতৰভাবে অসুষ্ঠ হৈ পৰা সাংসদ ৰামেশ্বৰ তেলীক জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, জিলা আৰক্ষী অধীক্ষক গৌতম বৰাৰ লগতে জিলা বিজেপিৰ সভাপতি ইন্দ্ৰ গগৈৰ লগতে বহু সংখ্যক লোকে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।