![]()
ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিঙৰ অভিযোগ উত্থাপন হৈছে ৰাষ্ট্ৰীয় ৰাজনীতিত। বিৰোধী শিবিৰৰ বহু সাংসদে দেশৰ ৰাষ্ট্ৰপতি হিচাপে দলটোৰ স্থিতিৰ বিপৰীত দিশে গৈ এনডিএৰ দ্ৰৌপদী মুৰ্মুক ভোটদান কৰে। এই কথা বিজেপিৰ এক সূত্ৰই দাবী কৰিছে।
বিজেপিৰ সূত্ৰ অনুসৰি বিভিন্ন বিধানসভাৰ প্ৰায় ১২৫ জন বিধায়কে দ্ৰৌপদীৰ সমৰ্থনত ভোটদান কৰিছে। ভোট গণনাৰ গতিবেগ দেখি ১৭ জন সাংসদৰ ক্ৰছ ভোটিঙত দ্ৰৌপদী লাভান্বিত হৈছে বুলি দাবী কৰিছে বিজেপিয়ে।
জানিব পৰা মতে, অসম, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশ বিধানসভাৰ বিৰোধী শিবিৰৰ কেইবাজনো বিধায়কে নিজৰ দলৰ স্থিতিৰ বিৰুদ্ধে দ্ৰৌপদীক ভোট দিছিল। সূত্ৰই দাবী কৰিছে যে অসমৰ প্ৰায় ২২ জন, মধ্যপ্ৰদেশৰ ২০ জন, বিহাৰ আৰু ছত্তীশগড়ৰ ৬ জন বিৰোধী বিধায়কে, গোৱাৰ চাৰিজন বিধায়কে আৰু গুজৰাটৰ ১০ জন বিধায়কে হয়তো ক্ৰছ ভোট দিছে।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইটাৰত লিখিছে, ‘দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰাৰ বাবে অন্য দলৰ বিধায়কসকলক আন্তৰিক ধন্যবাদ।’
উল্লেখ্য, মোদী সেনাই জনজাতীয় জনগোষ্ঠীৰ প্ৰতিনিধি দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি নিৰ্বাচনত থিয় কৰাই কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচনক লৈ বিৰোধী শিবিৰে মিত্ৰতা কৰাৰ চেষ্টা চলাইছিল। আলোচনাৰ পিছত সহমতৰ ভিত্তিত যশৱন্ত সিনহাকো বিৰোধী শিবিৰৰ পৰা মনোনীত কৰা হৈছিল।
কিন্তু বিৰোধী শিবিৰৰ এটা অংশৰ মতে, যিহেতু এনডিএয়ে জনজাতীয় জনগোষ্ঠীৰ প্ৰতিনিধি দ্ৰৌপদীক এনডিএৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ পিছৰে পৰা বহু বিৰোধী নেতাই ৰাষ্ট্ৰপতি নিৰ্বাচনত কাক সমৰ্থন কৰিব সেই সম্পৰ্কে বিভ্ৰান্ত হৈ পৰিছে। সেইবাবেই তেওঁলোকে ভাবে যে নিৰ্বাচনত ক্ৰছ ভোটিঙৰ সংখ্যা ইমান বেছি।
বৃহস্পতিবাৰে ভোটগণনা শেষ হোৱাৰ পূৰ্বেই লাভ কৰে দ্ৰৌপদীয়ে প্ৰয়োজনীয় ভোট মূল্য। গণনা কৰাৰ পিছত দেখা যায় যে ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৬৪ শতাংশ ভোট লাভ কৰিছিল। ৰাষ্ট্ৰপতি হিচাপে জয়ী হʼবলৈ প্ৰয়োজন হোৱা ভোটৰ সংখ্যা আছিল ৫,৪০,৯৯৬। তৃতীয় ৰাউণ্ডৰ গণনাৰ অন্তত দ্ৰৌপদীয়ে লাভ কৰে ৫,৭৭,৭৭৭ টা ভোট। উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা সৰ্বাধিক ভোট লাভ কৰিছিল দ্ৰৌপদীয়ে।











