![]()
নৰেন্দ্ৰ মোদীৰ গুজৰাট ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰী তথা আহমেদাবাদৰ বিধায়ক অৰ্জুন সিং চৌহানে ধৰ্ষণ কৰি এগৰাকী মহিলাক বলপূৰ্বকভাৱে আটক কৰাৰ অভিযোগ উত্থাপন হৈছে। আহমেদাবাদৰ হালদাৰবাস গাঁৱৰ এজন প্ৰাক্তন গাঁওবুঢ়াই বুধবাৰে অৰ্জুন সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
অৰ্জুন সিঙে তেওঁৰ পত্নীক জোৰকৈ ধৰি ৰাখি কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে। এজাহাৰত গাঁওবুঢ়াই কয়, “২০১৫ চনৰ পৰা ২০২১ চনৰ ভিতৰত অৰ্জুন সিঙে মোৰ পত্নীক কেইবাবাৰো ধৰ্ষণ কৰিছিল। লকডাউনৰ সময়ছোৱাত তেওঁ মোৰ পত্নীক কʼৰবাত ডেৰ মাহ বন্দী কৰি ৰাখিছিল। বিভিন্ন বিষয়ত আলোচনা কৰাৰ অজুহাতত মোৰ পত্নীক মাতি অনা হৈছিল। তেওঁ আন প্ৰভাৱশালী লোকৰ সৈতেও যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল।”
খেৰা জিলা আৰক্ষীৰ এছ এছ পিয়ে জনোৱা মতে, “আমাৰ হাতত হালদাৰবাস গাঁৱৰ এজন বাসিন্দাৰ পৰা এজাহাৰ পোৱা গৈছে। মই প্ৰথমে প্ৰাথমিক তদন্ত কৰিম। যদি অভিযোগ সঁচা হয় তেন্তে অপৰাধমূলক গোচৰ ৰুজু কৰা হʼব।” এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই অৰ্জুন সিঙে।
তৃণমূলে এই বিষয়ত ইতিমধ্যে আন্দোলন আৰম্ভ কৰিছে। প্ৰথমতে দলটোৱে টুইট কৰি কয়, “গুজৰাটত বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে ধৰ্ষণ কৰি এগৰাকী মহিলাক বলপূৰ্বকভাৱে আটক কৰাৰ অভিযোগ উত্থাপন হৈছে। নৰেন্দ্ৰ মোদী জী, মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দীৰ্ঘদিনীয়া দাবী কʼলৈ গʼল? আপোনাৰ নিজৰ এলেকাতেই এনেকুৱা হৈছে।”
ইয়াৰ পিছতে এই টুইটটে পুনৰ টুইট কৰে তৃণমূলৰ সাংসদ ডেৰেক অʼব্ৰায়নে। টুইটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টেগ কৰি তেওঁ লিখিছে, “সোমবাৰে সংসদত আপোনালোকক সাক্ষাৎ কৰিবলৈ আগ্ৰহী। গতিকে সোমবাৰে পুৱা এঘাৰ বজালৈ অপেক্ষা কৰি আছো। যদি ৫৬ ইঞ্চি আহিব নোৱাৰে তেন্তে ২ নম্বৰজনক পঠাওক।”
তেওঁ স্পষ্টভাৱে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ দ্বিতীয় গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে পৰিচিত অমিত শ্বাহৰ কথা কয়। তৃণমূলৰ সূত্ৰ অনুসৰি সোমবাৰে ৰাজ্যসভাৰ সাংসদ ডোলা সেনে এই বিষয়ত আলোচনাৰ বাবে জাননী জনাব। তৃণমূলে এই বিষয়টোক বিশেষ গুৰুত্বৰে লৈছে।











