ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাট্যনগৰী বোকাখাতত ৰূপজ্যোতি সংঘৰ উত্তৰ দায়িত্ব নৱ প্ৰজন্মৰ হাতত অৰ্পণ

ASSAM TIMES POST by ASSAM TIMES POST
October 30, 2019
Reading Time: 1 min read
A A
0
নাট্যনগৰী বোকাখাতত ৰূপজ্যোতি সংঘৰ উত্তৰ দায়িত্ব নৱ প্ৰজন্মৰ হাতত অৰ্পণ

RELATED POSTS

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

logo atp | ASSAM TIMES POSTASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ‘৮৩ ৰ জুয়ে পোৰা অসমত এমেচাৰ নাট্যজগতত এক সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰি জাতীয় সচেতনতাৰে বোকাখাতৰ পুৰোধা কিছু ব্যক্তিৰ নেতৃত্বত জন্ম লৈছিল ৰূপজ্যোতি সংঘই অসমৰ এমেচাৰ নাট জগতৰ স্বনামধন্য নাট্যকাৰ পৰিচালক ৰফিকুল হোচেইন য’ত ওতঃপ্ৰোতভাৱে সংপৃক্ত হৈ আছে।

তাহানিৰে পৰা যোৱা ২৪ অক্টোবৰত প্ৰদৰ্শিত “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ”কে ধৰি বোকাখাতৰ বৰ্তমান নাট্য জগতৰ মেৰুদণ্ড স্বৰূপ ৰূপজ্যোতি সংঘই অসমৰ এমেচাৰ নাট্য জগতলৈ আগবঢ়াইছে ১৯ খনকৈ সুন্দৰ আৰু অনন্য নাটক। যোৱা ২৯ অক্টোবৰত এক আবেগিক আৰু সুখকৰ মুহূৰ্তত বোকাখাত নাট্য মন্দিৰত ৰূপজ্যোতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু মুখ্য সম্পাদক বিমান বৰুৱাৰদ্বাৰা পৰিচালিত এক জৰুৰী সভাত জ্যেষ্ঠ নাট্যকৰ্মী বিপুল কলিতাক সভাপতি আৰু উদীয়মান যুৱ নাট্যকৰ্মী অভিলাষ বৰবৰাক মুখ্য সম্পাদক হিচাপে লৈ গঠন হ’ল ৰূপজ্যোতি সংঘৰ নৱ নিৰ্বাচিত ৩১ জনীয়া সমিতিখন।

উক্ত সভাত ৰফিকুল হোচেইন মুখ্য উপদেষ্টা তথা জিতু শৰ্মা ৰাজখোৱা, বুবুল দত্ত, বিমান বৰুৱা, দুলাল ডেকা, অমৰ শৰ্মা, সঞ্জীৱ শৰ্মা, মানসজ্যোতি দত্ত, নৱাগত শইকীয়া, দ্বীজেন্দ্ৰ কুমাৰ নাথ আৰু প্ৰদীপ বৰা এই এঘাৰ গৰাকী জন্ম লগ্নৰে পৰা অহোপুৰুষাৰ্থৰে ৰূপজ্যোতিক সফলতাৰ কক্ষপথত ঠিয় কৰোৱা স্বনামধন্য নাট্যকৰ্মীৰ নাম ৰূপজ্যোতি সংঘৰ সন্মানীয় উপদেষ্টা হিচাপে প্ৰস্তাৱিত হয়।

সভাতে ৰূপজ্যোতি সংঘৰ বিগত ৩৮ বছৰৰ গৌৰৱোজ্জ্বল ইতিহাসৰ নষ্টালজিক সোঁৱৰণ তথা ৰূপজ্যোতিৰ সাংস্কৃতিক অৱদানৰ মূল্যায়নৰ লগতে যোৱা ২৪ অক্টোবৰত বোকাখাত নাট্য মন্দিৰৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘৰ উনবিংশতিতম প্ৰযোজনাত অনুষ্ঠিত হৈ যোৱা সুৰেন্দ্ৰ বাৰ্মাৰ মূল হিন্দীৰ পৰা দ্বিজেন্দ্ৰ নাথ শৰ্মাৰ অনুদিত আৰু বিশিষ্ট পৰিচালক ৰফিকুল হোচেইন পৰিচালিত পূৰ্ণাংগ নাট “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ”ৰ বিষয়ে নিজ নিজ দৃষ্টিকোণ আৰু অভিজ্ঞতাৰ বৰ্ণনা কৰি বক্তব্য ৰাখে ক্ৰমে কবি-নাট্যকাৰ অমৰ শৰ্মা, পৰিচালক-অভিনেতা নিৰজমনি বৰা, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, প্ৰৱীণ নাট্যকৰ্মী সঞ্জীৱ শৰ্মা, বিগত সুদীৰ্ঘ সময়ত ৰূপজ্যোতিৰ সভাপতি আৰু সম্পাদকৰ পদ অলংকৃত কৰি ৰখা প্ৰৱীণ নাট্যকৰ্মীদ্বয় ক্ৰমে জিতু শৰ্মা ৰাজখোৱা আৰু বিমান বৰুৱা, যুৱ নাট্যকৰ্মী প্ৰত্যাশা ভৰদ্বাজ, জ্যেষ্ঠ নাট্যকৰ্মী নৱাগত শইকীয়া, নাট্যকৰ্মী-সাংবাদিকদ্বয় ক্ৰমে দিব্যজোতি হাজৰিকা আৰু অজন্তা তালুকদাৰ, জ্যেষ্ঠ নাট্যকৰ্মী দুলাল ডেকাই।

অনুষ্ঠানত আৰু উপস্থিত থাকে জ্যেষ্ঠ নাট্যকৰ্মীদ্বয় বিপুল কলিতা আৰু অনন্ত হাজৰিকা, সত্ৰীয়া কণ্ঠশিল্পী তথা নাট্যকৰ্মী ৰূপা হাজৰিকা, ক্ৰমে মানসী দেৱী, প্ৰত্যাশা ভৰদ্বাজ, অভিলাষ বৰবৰা, নুপুৰ বৰা, ভাগ্যশ্ৰী পৰাশৰ, প্ৰাচুৰ্য শৰ্মা, আকাশদ্বীপ শইকীয়া, নমিতা বৰ্মন, দোলন বাহেককে আদি কৰি ভালেসংখ্যক যুৱ নাট্যকৰ্মী, নাটখনিৰ পোহৰৰ দায়িত্বত থকা ৰাতুল বৰা, ৰূপজ্যোতিৰ ভালেসংখ্যক বিষয় ববীয়া আৰু সদস্য উপস্থিত থাকে।

ক্ৰমে সোণালী জয়ন্তীৰ ক্ষণলৈ আগবঢ়া ৰূপজ্যোতি সংঘৰ পৰিচালনাৰ বাঘজৰী নৱ প্ৰজন্মৰ হাতত আস্থা আৰু ভৰসাৰে অৰ্পন কৰাৰ খবৰে স্থানীয় সংস্কৃতিপ্ৰেমী ৰাইজৰ মাজত আনন্দ আৰু নতুন উদ্দীপনাৰ সঞ্চাৰ কৰিছে। নৱ গঠিত সমিতিখনলৈ বোকাখতীয়া ৰাইজে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FeaturedFeatured2
Share6Tweet4Send

Related Posts

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

by News Desk
October 4, 2026
50
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
51
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

by News Desk
October 3, 2026
52
Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত
Assam

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

by News Desk
October 3, 2026
52
Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ
Assam

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

by News Desk
October 2, 2026
64
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

by News Desk
October 2, 2026
56
ADVERTISEMENT
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
50
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
50
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
55
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

October 3, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d