![]()
আমিৰ খানৰ ছবি ‘লাল সিং চাড্ডা’ ৰ মুক্তিৰ ৬ টা দিন উকলি গ’ল। ছবিখনে ১১ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল। নিৰ্মাতাসকলে এই ছবিখনৰ পৰা যথেষ্ট আশা কৰিছিল, কিন্তু বক্স অফিচত ছবিখন প্ৰথম সপ্তাহতে দুৰ্বল হোৱা দেখিবলৈ পোৱা গ’ল।
বাতৰি অনুসৰি, মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ ১৫ আগষ্ট তাৰিখে ‘লাল সিং চাড্ডা’য়ে মাত্ৰ ৮ কোটি টকাৰ উপাৰ্জন কৰিছে। ইয়াৰ সৈতে, ছবিখনে এতিয়ালৈকে প্ৰায় ৪৫-৪৬ কোটি টকা সংগ্ৰহ কৰিছে।
উল্লেখ্য যে, লাল সিং চাড্ডাই ১১.৫০ কোটি সংগ্ৰহৰ সৈতে প্ৰথমটো দিন পাৰ কৰিছিল। একে সময়তে, চলচ্চিত্ৰখনৰ দ্বিতীয় দিনৰ ব্যৱসায় আটাইতকৈ দুৰ্বল আছিল। চতুৰ্থ দিনা, আমিৰ খানৰ ছবিখনে সমগ্ৰ দেশতে প্ৰায় ১০ কোটি টকাৰ ব্যৱসায় কৰিছিল। ছবিখনে প্ৰথম দিনা ১১.৫০ কোটি, দ্বিতীয় দিনা ৭.২৬ কোটি, তৃতীয় দিনা ৯ কোটি আৰু চতুৰ্থ দিনা ১০ কোটি ব্যৱসায় কৰিছে।













