![]()
এটা ফোনৰ ভাবুকিক কেন্দ্ৰ কৰি মুম্বাইৰ এখন হোটেলত বোমাৰ আতঙ্ক বিয়পি পৰে। অভিযোগ কৰা হৈছে যে মঙলবাৰে পুৱা এজন ব্যক্তিয়ে ফোন কৰি ব্যৱসায়িক চহৰখনৰ হোটেলখনত বোমা ৰখাৰ ভাবুকি দিয়ে।
এএনআইৰ মতে, এজন অচিনাক্ত ব্যক্তিয়ে হোটেলখনলৈ ফোন কৰি কয় যে হোটেলখনৰ চাৰিটা ঠাইত বোমা স্থাপন কৰা হৈছে। বোমা নিষ্ক্ৰিয় কৰিবলৈ হ’লে ৫ কোটি টকা লাগিব বুলি দাবী কৰে। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য, কিছুদিন পূৰ্বে পাকিস্তানৰ এটা নম্বৰৰ পৰা মুম্বাই আৰক্ষীৰ ট্ৰেফিক কণ্ট্ৰোল হোৱাটছএপ নম্বৰলৈ ভাবুকি দিয়া হৈছিল যে ২৬/১১ শৈলীত পুনৰ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হʼব। ভাবুকি বাৰ্তাটোত কোৱা হয়, “মুম্বাইত আক্ৰমণ সংঘটিত কৰা হʼব। এই আক্ৰমণে আপোনাক ২৬/১১ৰ কথা মনত পেলাব। যদি মোৰ ফোন নম্বৰটো চেক কৰা হয় তেন্তে ইণ্ডিয়াক স্থান হিচাপে দেখুৱাব। ছয়টা বিস্ফোৰণ হʼব। মুম্বাই মহানগৰীত সংঘটিত হʼব বিস্ফোৰণ। যদি ওছামা বিন লাডেন, আজমল কাছব আৰু আয়মান আল জাৱাহিৰীৰ দৰে হত্যা কৰা হয় তেন্তে ভৱিষ্যতে আৰু অধিক ঘটিব।”
ঘটনাৰ কিছুদিন পূৰ্বে মুম্বাইৰ সমীপৰ ৰায়গড়ৰ উপকূলৰ পৰা এখন পৰিত্যক্ত নাৱৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ মাজত উদ্ধাৰ হৈছে এটা এ কে-৪৭ ৰাইফল। ৰায়গড়ৰ হৰিহৰেশ্বৰ বিলৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰসহ নাওখন। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত মুম্বাইৰ হোটেলত হোৱা ভাবুকিমূলক ফোন কলে এক নতুন আতংকৰ সৃষ্টি কৰিছে।










