
অযোধ্যাৰ ৰাম মন্দিৰত (Ram Mandir) ভক্তসকলে দান কৰা কোটি কোটি টকাৰ নগদ ধন আৰু মূল্যৱান সামগ্ৰী (গহনা আৰু ৰত্ন) চুৰিৰ গোচৰত বৃহস্পতিবাৰে ৮ অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

‘শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট’ৰ অনিয়মৰ অভিযোগৰ তদন্ত সম্পূৰ্ণ কৰি মঙলবাৰে তিনিজনীয়া বিশেষ তদন্তকাৰী দলটোৱে প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পিছতে ‘শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট’, ২০১৯ৰ হৈ আৰক্ষীৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰা হয়।
এছআইটিৰ তদন্তকাৰীয়ে পৰ্যায়ক্ৰমে অযোধ্যাৰ ৰাম মন্দিৰ চৌহদ পৰিদৰ্শন কৰি অচি পৰিষদৰ সদস্য (ট্ৰাষ্টী) আৰু মন্দিৰৰ কৰ্মীসকলক জেৰা কৰে, যাৰ ভিত্তিত ট্ৰাষ্টৰ সদস্য কৃষ্ণমোহনে আৰক্ষীক অভিযোগ দাখিল কৰে।
উত্তৰ প্ৰদেশ আৰক্ষীৰ লক্ষ্ণৌ মণ্ডলৰ এডিজি প্ৰবীণ কুমাৰে বৃহস্পতিবাৰে জনোৱা মতে, এফআইআৰত নাম উল্লেখ কৰা অভিযুক্তৰ ভিতৰত ৰামশংকৰ যাদৱ ওৰফে টিননু, লৱকুশ মিশ্ৰ আৰু অনুকল্প মিশ্ৰ আদিও আছে।
মন্দিৰত চান্দা হিচাপে লাভ কৰা নগদ ধন আৰু মূল্যৱান সামগ্ৰী গণনা আৰু লিপিবদ্ধ কৰাৰ কামত লৱকুশ আৰু অনুকল্প জড়িত আছিল। আনহাতে, ৰামশংকৰ পূৰ্বে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ৰ চালক আছিল আৰু ২০২২ চনৰ পৰা মন্দিৰ নিৰ্মাণ আৰু পৰৱৰ্তী পৰিচালনাৰ কামত জড়িত আছিল।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত গঠন হোৱা তিনিজনীয়া এছআইটিৰ ভিতৰত আছে লক্ষ্ণৌৰ সংমণ্ডল আয়ুক্ত বিজয় বিশ্বাস পন্ত, লক্ষ্ণৌ ৰেঞ্জৰ আইজি কিৰণ এছ আৰু বিত্ত বিভাগৰ বিশেষ সচিব নীল ৰতন। মঙলবাৰে পুৱা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় প্ৰসাদক প্ৰাথমিক তদন্তৰ প্ৰতিবেদন দাখিল কৰে।
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰী আদিত্যনাথে এই প্ৰতিবেদন পুনৰীক্ষণ কৰে। কাৰণ বিগত দুদিন তেওঁ লক্ষ্ণৌত নাছিল। সূত্ৰ অনুসৰি, তেওঁলোকে প্ৰাথমিক প্ৰতিবেদনত ১৭ জন লোকক দোষী সাব্যস্ত কৰিছে। ইয়াৰ উপৰি প্ৰায় ১৫০ গৰাকী মন্দিৰ পৰিচাৰকৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
প্ৰতিবেদনত কোৱা হৈছে যে ৰাম মন্দিৰ নিৰ্মাণৰ পিছত তেওঁলোকৰ বহুতৰে ধন-সম্পত্তি কেইবাগুণো বৃদ্ধি পাইছে। মন্দিৰৰ সৈতে জড়িত ফুলকান্ত মিশ্ৰ নামৰ এজন ব্যক্তিৰ নাম সম্পত্তি বৃদ্ধিৰ তালিকাত সন্নিৱিষ্ট হৈছে। তেওঁ ‘ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ’ৰ সাধাৰণ সম্পাদক তথা ভিএইচপিৰ উপ-সভাপতি চম্পতৰ ঘনিষ্ঠ বুলি জনা যায়।











