![]()
অচিনাক্ত ব্যক্তিৰ পৰা বিস্ফোৰণৰ ভাবুকিৰ ফোন পোৱাৰ পিছতে সমগ্ৰ মুম্বাইত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। মুম্বাই আৰক্ষীৰ মতে, বুধবাৰে নিশা এজন অচিনাক্ত ব্যক্তিয়ে ফোন কৰি কয় যে মুম্বাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বোমা স্থাপন কৰা হৈছে।
ইয়াৰ পিছত সেই স্থানসমূহত প্ৰশাসনে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বুধবাৰে মুম্বাই আৰক্ষীয়ে ১১২ নম্বৰৰ এটা অজ্ঞাত নম্বৰৰ পৰা ফোন লাভ কৰে।
ফোনযোগে আৰক্ষীক জনোৱা মতে, আন্ধেৰীৰ ইনফিনিটি মল, জুহুৰ পিভিআৰ মল আৰু চাহাৰা হোটেলত তিনিটা বোমা স্থাপন কৰা হৈছে। যিকোনো মুহূৰ্ততে এই বোমা
বিস্ফোৰণ হʼব পাৰে। ইয়াৰ পিছতে মুম্বাই আৰক্ষীয়ে ঘেৰাও কৰে স্থানসমূহ। আৰক্ষীৰ সূত্ৰ অনুসৰি, অচিনাক্ত ব্যক্তিজনক গ্ৰেপ্তাৰৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।
উল্লেখ্য, ২০০৮ চনৰ ২৬ নৱেম্বৰত এটা উগ্ৰপন্থীৰ দলে মুম্বাই চহৰত প্ৰৱেশ কৰে। মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত উগ্ৰপন্থীয়ে স্থাপন কৰা বোমা বিস্ফোৰণৰ ফলত শতাধিক সাধাৰণ নাগৰিকৰ মৃত্যু হয়। ইয়াৰ পিছতে উগ্ৰপন্থীয়ে প্ৰায় তিনিদিন ধৰি মুম্বাইৰ তাজ হোটেল দখল কৰে। উগ্ৰপন্থীৰ গুলীচালনাত হোটেলখনৰ বহু অতিথিৰ মৃত্যু হৈয়।
লগতে কেইবাজনো আৰক্ষী জোৱানৰো মৃত্যু হয়। উক্ত ঘটনাৰ পিছৰে পৰা বছৰৰ এই সময়ত সমগ্ৰ মুম্বাইতে অতিৰিক্ত সতৰ্কতা বজাই ৰখা হৈছে। ইয়াৰ ভিতৰত এই ভাবুকিৰ ফোনটোৱে পুলিচ-প্ৰশাসনক পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছে বুলি ধাৰণা কৰা হৈছে।










