![]()
প্ৰতি বছৰে দীপাৱলীৰ দিনা এই পৰিকল্পনা থাকে দেশৰ প্ৰধানমন্ত্ৰীৰ। এই বছৰো তাৰ ব্যতিক্ৰম নাছিল। এইবাৰো দেশৰ অতন্দ্ৰ প্ৰহৰীৰ সৈতে দীপাৱলী উদযাপন কৰা হʼব। দেশৰ প্ৰধানমন্ত্ৰীৰ চকীত বহাৰ পিছৰে পৰা মোদীয়ে জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ উদযাপন কৰি আহিছে।
তেওঁ এইবাৰো কাৰ্গিল পালেগৈ।সৈনিকসকলক পৰিয়াল বুলি উল্লেখ কৰি কয় যে দীপাৱলী উদযাপনৰ বাবে তেওঁলোকৰ লগত কটোৱাতকৈ উত্তম উপায় নাই। প্ৰধানমন্ত্ৰী মোদীয়ে জোৱানসকলৰ সাহসিকতাৰ প্ৰশংসা কৰে।
সোমবাৰে পুৱা মোদীয়ে দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে। সকলোকে সম্ভাষণ জনাই তেওঁ টুইটাৰত লিখিছে, “দীপাৱলী পোহৰ আৰু উজ্জ্বলতাৰ সৈতে জড়িত। এই শুভ উৎসৱে আমাৰ জীৱনত আনন্দ আৰু মঙ্গল বৃদ্ধি কৰক।”
আনহাতে, দেওবাৰে অযোধ্যাত উপস্থিত হয় মোদী। ৰাম মন্দিৰত পূজা কৰি দিপোৎসৱত অংশ লয়। দেওবাৰে নিশা তাত ১৫ লাখৰো অধিক বন্তি প্ৰজ্বলন কৰা হয়।










