![]()
উত্তৰ প্ৰদেশৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী চিকিৎসকক ভাবুকি দিয়াৰ অভিযোগত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হৈছে। দেওবাৰে গভীৰ নিশা শ্বাহজাহানপুৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰণ গুপ্তা নামৰ এজন চিকিৎসকক বিজেপি নেতা ৰাজকমল বাজপেয়ীয়ে পিষ্টল তুলি হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰে।
সেই অভিযোগৰ ভিত্তিত সোমবাৰে আৰক্ষীয়ে শ্বাহজাহানপুৰ মহানগৰ বিজেপিৰ উপ-সভাপতি ৰাজকমলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰে।
শ্বাহজাহানপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে জনোৱা মতে, দেওবাৰে মাজনিশা বুকুৰ বিষৰ বাবে মহানগৰবাসী অংশুল অগ্নিহোত্ৰীক চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়া হয়। সেই সময়ত ডাক্তৰ গুপ্তা কৰ্তব্যৰত আছিল। অভিযোগ অনুসৰি, ৰোগীজনৰ চিকিৎসাত অৱহেলা কৰাৰ অভিযোগত ৰাজকুমাৰে চিকিৎসালয়ত প্ৰৱেশ কৰি হুলস্থুল আৰম্ভ কৰে।
আৰক্ষীক দাখিল কৰা এফআইআৰত ডাক্তৰ গুপ্তাই কয় যে ৰাজকুমাৰে প্ৰথমে ডিঙি আৰু চাৰ্টৰ কলাৰত ধৰি নিৰ্যাতন চলাইছিল। ইয়াৰ পিছত পিষ্টলটো ওপৰলৈ তুলি গুলী চলোৱাৰ ভাবুকি দিয়ে। যদিও সেই সময়ত ৰোগীজনক প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত ইচিজিৰ বাবে প্ৰেৰণ কৰা হৈছিল। অভিযোগৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে
সোমবাৰে ৰাজকুমাৰে কয়, “অগ্নিহোত্ৰীৰ পৰিয়াল মোৰ চিনাকি। চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে। গতিকে মই জানিবলৈ গʼলোঁ৷ মই কাকো হাৰাশাস্তি কৰা নাছিলো।” তেওঁ লগতে কয়, “মই হস্পিতাললৈ গৈ দেখিলোঁ যে ডাক্তৰে ৰোগীক চিকিৎসা কৰাৰ সলনি মোবাইল গেম খেলি আছে। সেয়ে কৰ্তব্য পালন কৰিবলৈ ক’লো।
তাৰ পিছত তেওঁ আমাক কʼলে যে তাত চিকিৎসা সম্ভৱ নহয়, ৰোগীক আন ঠাইলৈ লৈ যাব লাগিব। তাৰ পিছত ৰোগীজনক নিবলৈ ষ্ট্ৰেচাৰ এটাৰ ব্যৱস্থা কৰিবলৈ কোৱাৰ পিছত তেওঁ আমাক ষ্ট্ৰেচাৰখন বিচাৰিবলৈ কʼলে। অৱশেষত ৰোগীজনক নিজা উদ্যোগত ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।”











