![]()
বিগত এটা দশকত ভাৰতত সংঘটিত আটাইতকৈ শোকাৱহ দুৰ্ঘটনাবোৰৰ ভিতৰত অন্যতম হৈছে গুজৰাটৰ মৰ্বি ওলোমা দলঙৰ দুৰ্ঘটনা। ইতিমধ্যে উক্ত দুৰ্ঘটানত ১৩৪ জন লোকে প্ৰাণ হেৰুৱাবলগা হৈছে । আন কেইবাজনো সন্ধানহীন হৈ থকা বুলি প্ৰকাশ । উক্ত ঘটনাৰ তদন্ত চলি আছে।
অনুসন্ধানকাৰী বিষয়াসকলে প্ৰকাশ কৰা মতে, উক্ত শোকাৱহ দুৰ্ঘটনাটোৰ বাবে কাৰিকৰী আৰু গাঁথনিগত ত্ৰুটি আৰু কিছুমান মৌলিক তত্ত্বাৱধানৰ সমস্যা মূলত দায়ী।
আনহাতে, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিস্থিতি পৰ্যালোচনা বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি গুজৰাট চৰকাৰে মৰ্বি দলং খহি পৰি মৃত্যু হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ২ নৱেম্বৰত ৰাজ্যজুৰি শোক পালনৰ কথা ঘোষণা কৰিছে।
“গুজৰাট চৰকাৰে ২ নৱেম্বৰত ৰাজ্যজুৰি শোক পালন কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনত উক্তদিনা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব আৰু কোনো অনুষ্ঠান অনুষ্ঠিত কৰা নহ’ব।” গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এক টুইট বাৰ্তাত কয়।
আনহাতে, সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাজকোট ৰেঞ্জৰ আইজি অশোক কুমাৰ যাদৱে কয় যে আৰক্ষীয়ে ঘটনাটোৰ সৈতে সম্পৰ্কিত সকলো দিশ অনুসন্ধান কৰিবলৈ ফৰেনচিক বিশেষজ্ঞ আৰু গাঁথনিগত অভিযন্তাসকলৰ পৰা সহায় ল’ব।
“আমাৰ প্ৰাথমিক অনুসন্ধানে প্ৰকাশ কৰিছে যে প্ৰমাণ-পত্ৰৰ অভাৱ আৰু লগতে কিছুমান ৰক্ষণাবেক্ষণৰ সমস্যাৰ দৰে কাৰিকৰী আৰু গাঁথনিগত ত্ৰুটি দুৰ্ঘটনাটোৰ বাবে দায়ী ।” যাদৱে কয়।











