![]()
আজি শুল্ক বিভাগে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত ৩ কোটি টকা মূল্যৰ সোণ সহ তিনি সৰবৰাহকাৰীক আটক কৰে। শ্বাৰজাৰ এখন বিমান দিল্লী উপস্থিত হোৱাত শুল্ক বিভাগৰ সন্দেহ হয় আৰু বিমানখনৰ তিনি যাত্ৰীক তালাচী চলায়। এই তালাচী অভিযানত বডী শ্বেপাৰৰ ভিতৰত লুকুৱাই অনা প্ৰায় ২.৯৬ কোটি টকা মূল্যৰ সোণ জব্দ কৰে বিভাগে।
সোণ সৰবৰাহী কেইজনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে, বিগত মাহত দিল্লীত সোণ সৰবৰাহৰ বহু ঘটনা সংঘটিত হৈছে। ২৭ অক্টোবৰ তাৰিখেও এনে অনুৰূপ ঘটনা সংঘটিত হয় ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত। য’ত ৩.৫ কোটি টকা বজাৰ মূল্যৰ ৭.৫ কিলোগ্ৰাম সোণ জব্দ কৰা হয়।











