![]()
গুজৰাট বিধানসভা নিৰ্বাচন ঘোষণা হোৱাৰ পিছতেই প্রথম পৰ্যায়ৰ ৪৩ জন প্রার্থীৰ নাম প্রকাশ কৰিলে কংগ্রেছে। তালিকাত আছে বিশ্ব হিন্দু পৰিষদৰ নেতা প্রবীণ তোগাড়িয়াৰ সম্পৰ্কীয় ভাতৃ প্রফুল তোগাড়িয়া আৰু ৰাজ্যসভাৰ সাংসদ অমি অজনিক।
চুৰাট পৌৰসভাৰ প্রাক্তন বিৰোধী দলৰ নেতা প্রফুলে প্ৰতিদ্বন্দিতা কৰিব ভৰাচা ৰোড আসনত। আহমেদাবাদৰ ঘাটলোদিয়া সমষ্টিত মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ বিৰুদ্ধে যুঁজিব অমিয়ে। পোৰবন্দৰত প্রাক্তন প্রদেশ কংগ্রেছ সভাপতি অর্জুন মোদবাডিয়া আৰু ভাবনগৰৰ মহুবাত প্রাক্তন বিজেপি বিধায়ক কানু কালচাৰিয়াক প্ৰাৰ্থীত্ব হৈছে। ৪৩ জনৰ তালিকাত নতুন মুখ ৩২।
উল্লেখ্য, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘কট্টৰ বিৰোধী’ হিচাবে পৰিচিত বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) প্রাক্তন আন্তর্জাতিক কার্যকৰী সভাপতি প্রবীণ তোগাড়িয়া। কেইবছৰমান পূৰ্বে মোদীৰ বিৰুদ্ধে তেওঁক হত্যাৰ চক্রান্তৰ অভিযোগো উঠিছিল।











