![]()
এই মুহূৰ্তত সকলোৰে দৃষ্টি হাই ভল্টেজ গুজৰাটৰ নিৰ্বাচনত। নির্বাচন আয়োগে দিন ঘোষণা কৰাৰ পাছতেই সকলো দলৰ প্রার্থীৰ নাম প্রকাশ কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে গেৰুৱা শিবিৰে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰি ডাঙৰ চমক দিলে। গুজৰাটৰ ১৬০খন আসনৰ বাবে গেৰুৱা শিবিৰে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা।

প্ৰাৰ্থীৰ তালিকাত আছে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা। জামনগৰ উত্তৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হৈছে। লগতে নাম আছে হাৰ্দিক পেটেল যি কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিল।
আহমেদাবাদৰ বিৰামাগ্ৰাম বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা গেৰুৱা শিবিৰৰ। ঘাটলোডিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে। তেওঁ পূৰ্বৰ নিৰ্বাচনতো উক্ত সমষ্টিৰ পৰায়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
ইয়াৰ পূর্বে প্রাক্তন মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীয়ে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছিল৷মন কৰিবলগীয়া যে নিৰ্বাচনৰ পূৰ্বে গুজৰাটত ইতিমধ্যে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। উৎসৱৰ বতৰত মৰ্বি দলং ভাঙি বহু লোকে প্ৰাণ হেৰুৱালে। ইয়াৰ মাজতে ৰাজ্যজুৰি বাজিছে নিৰ্বাচনৰ দামামা।










