![]()
টুইটাৰত বিজ্ঞাপন বন্ধ কৰি দিছে এপলে। যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে টুইটাৰৰ মালিক মাস্ক।
ইলনে নিজৰ টুইটাৰ একাউণ্টত লিখিছে যে এপলে বেছিভাগেই টুইটাৰত বিজ্ঞাপন বন্ধ কৰি দিছে।
এইখিনিতে তেওঁ প্ৰশ্নটো কৰিছে, তেনেহ’লে কি তেওঁলোকে আমেৰিকাত বাক স্বাধীনতাক ভয় কৰে নেকি? শেহতীয়াকৈ মাস্কে টুইটাৰ অধিগ্ৰহণ কৰিছে। তেতিয়াৰ পৰাই তেওঁ কেইবাটাও বিষয়ত শিৰোনাম দখল কৰি আহিছে।
দায়িত্ব লৈ সংগঠনৰ প্ৰথম শাৰীৰ মেনেজাৰক অপসাৰণ কৰিলে, বহু শ্ৰমিকক আঁতৰাই দিলে। নতুন মালিকে সংস্থাটোৰ বহু দিশত পৰিৱৰ্তন আনিছে। নৱেম্বৰৰ আৰম্ভণিতে বিজ্ঞাপনৰ বিষয়টোক লৈ তেওঁ মন্তব্য কৰিছিল।
ইতিমধ্যে জেনেৰেল মিলছ ইনকৰ্পৰেচন, গাড়ী নিৰ্মাতা ওডিকে ধৰি কেইবাটাও ডাঙৰ কোম্পানীয়ে মাস্ক ক্ৰয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ইতিমধ্যে টুইটাৰত বিজ্ঞাপন বন্ধ কৰি দিছে। ইয়াৰ পিছত কোম্পানীটোৰ মুৰব্বীগৰাকীয়ে এপলৰ বিজ্ঞাপন বন্ধ কৰাৰ সন্দৰ্ভত টুইটাৰত কেইবাটাও টুইট কৰে।










