![]()
আজি চলি আছে দেশৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা গুজৰাট বিধানসভাৰ হাই প্ৰফাইল নিৰ্বাচনৰ ভোট গণনা। লগতে চলি আছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰো ভোট গণনা।
শেহতীয়া তথ্য মতে গুজৰাটত বৃহৎ জয়েৰে পুনৰ শাসন ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হৈছে গেৰুৱা বাহিনী। আনহাতে, হিমাচল প্ৰদেশত কংগ্ৰেছৰ লগত তীব্র প্ৰতিদ্বন্দিতা চলিছে বিজেপিৰ। দুয়োটা দলেই প্ৰায় সমানে সমানে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে।
শেহতীয়া তথ্য মতে, গুজৰাট বিধানসভাৰ মুঠ ১৮২ খন আসনৰ ভিতৰত এই মুহূৰ্তত মোদী-শ্বাহৰ বিজেপিয়ে ১৩ খন আসনত জয়লাভ কৰিছে। আনহাতে, ১৪৩ খন আসনত অগ্ৰগতি লাভ কৰিছে। অৰ্থাৎ মুঠ ১৫৬ খন আসনত এই পৰ্যন্ত বিজেপিয়ে দখল প্ৰায় নিশ্চিত কৰি নিৰঙ্কুশ সংখ্যা গৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ হৈছে।
ইয়াৰ বিপৰীতে কংগ্ৰেছে এখন আসনত জয়লাভ কৰাৰ লগতে আন ১৬ খন আসনত অগ্ৰগতি লাভ কৰিছে। আনহাতে, আপে ৭ খনত আৰু অন্যান্যই তিনিখনত অগ্ৰগতি লাভ কৰিছে।
আনহাতে, হিমাচল প্ৰদেশৰ বিধানসভাৰ মুঠ ৬৮ খন আসনৰ ভিতৰত কংগ্ৰেছে এখনত জয়লাভৰ বিপৰীতে ৩৫ খনত অগ্ৰগতি লাভ কৰিছে। বিজেপিয়ে ৪ খনত জয়লাভ কৰাৰ লগতে আন ২৫ খনত অগ্ৰগতি লাভ কৰিছে। বৰ্তমানৰ ট্রেণ্ড মতে চাবলৈ গ’লে গুজৰাটত বিজেপি আৰু হিমাচলত কংগ্ৰেছে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। অৱশ্যে হিমাচলৰ ফলাফল অন্তিম সময়ত কি হয় সেয়া লক্ষণীয় হ’ব।











