![]()
গুজৰাট আৰু হিমাচল প্ৰদেশত চলি আছে ভোটগণনা। এই মুহূৰ্তত গোটেই দেশৰ দৃষ্টি ইয়াৰ গুজৰাটৰ ওপৰত। আগন্তুক পাঁচ বছৰৰ বাবে গুজৰাট আৰু হিমাচল প্ৰদেশৰ দলসমূহৰ ভাগ্য কিছু ঘণ্টাৰ ভিতৰতে নিৰ্ণয় হʼব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হয়। গুজৰাটত এইবাৰো গেৰুৱা ধুমুহা, অন্তত এতিয়ালৈকে গণনাই সেই ইংগিত দিছে।
মোদী-শ্বাহৰ ৰাজ্যত দুটা পৰ্যায়ত ভোটদান ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। গুজৰাটত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৬৩.৩১ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৬৫.৩০ শতাংশ। ভোটগ্ৰহণৰ পিছৰ সমীক্ষাই গেৰুৱা ধুমুহাৰে ইংগিত দিছিল। গণনাৰ আৰম্ভণিৰ পৰাই একেখন ছবি।
গুজৰাটৰ ৩৩খন জিলাৰ ৩৭টা কেন্দ্ৰত চলি আছে ভোটগণনা। এই পৰ্যন্ত গণনা অনুসৰি মোদী-ৰাজ্যৰ ১৮২খন আসনৰ ভিতৰত ১৫৫খন আসনত বিজেপি আগবাঢ়ি আছে। কংগ্ৰেছ ১৮ খন আসনত আগবাঢ়ি আছে, কেজৰিৰ আপ ৭ খন আসনত আগবাঢ়ি আছে আৰু অন্যান্য ২ খন আসনত আগবাঢ়ি আছে।
গণনা অনুসৰি, মৰ্বিতো বিজেপি আগবাঢ়ি আছে।
উল্লেখ্য, উৎসৱৰ আনন্দত মৰ্বিত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। যোৱা ৩০ অক্টোবৰত দলং ভাঙি পৰাত ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। নিৰ্বাচনমুখী গুজৰাটত বিৰোধী ৰাজনৈতিক দলসমূহে সেই সময়ত বিজেপিৰ ফালে আঙুলিয়াইছিল। কিন্তু গণনাত দেখা গৈছে যে মৰ্বিতো বিজেপি আগবাঢ়ি আছে।











