![]()
দেওবাৰে সন্ধিয়া উগ্ৰপন্থী আক্ৰমণৰ পিছত কাশ্মীৰ (Kashmir) উপত্যকাত (valley) পুনৰ বিস্ফোৰণ (Explosion)। সোমবাৰে পুৱা জম্মুৰ ৰাজৌৰী (Rajouri) অঞ্চলত উগ্ৰপন্থীয়ে আক্ৰমণ (Militants attack) কৰে। এটা ঘৰ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে। বিস্ফোৰণৰ ফলত এটি শিশুৰ মৃত্যু (Death of children) হয়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ৫জন লোক আহত হৈছে।

আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে সন্ধিয়া ৰাজৌৰীৰ যি অঞ্চলত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে, সোমবাৰে পুনৰ সেই অঞ্চলতেই আক্ৰমণ চলায়। দেওবাৰে নিৰ্বিচাৰে গুলীচালনা কৰাৰ পিছত সোমবাৰে পুৱাও তাত বিস্ফোৰণ সংঘটিত হয়।
বিস্ফোৰণৰ ফলত থিতাতে মৃত্যু হয় এটি শিশুৰ। আহত লোকৰ সংখ্যা ৫ জন। আহতসকলৰ ভিতৰত এটা শিশুও আছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, শিশুটিৰ অৱস্থা সংকটজনক।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই টুইট কৰি কয় যে বিস্ফোৰণত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ১০ লাখ টকা আৰু পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়া হʼব। যিসকল পৰিয়ালৰ সদস্য গুৰুতৰভাৱে আহত হৈছে তেওঁলোকক চৰকাৰে ১ লাখ টকা দিব।
উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়া জম্মুৰ ৰাজৌৰী অঞ্চলৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দক্ষিণে থকা ডাঙগ্ৰী গাঁৱত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে। গুলীচালনাৰ ফলত ৪ জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হৈছে ৯ জন। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে এখন এছ ইউ ভিত উগ্ৰপন্থীয়ে ডাঙগ্ৰী গাঁৱত আক্ৰমণ চলায়।
পিছত গাড়ীৰ পৰা নামি উগ্ৰপন্থী দুটা পলাই যায়। ইয়াৰ পিছতে স্থানীয় ৰাইজে আহতসকলক ৰাজৌৰী চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে ৩ জন লোকক মৃত ঘোষণা কৰা হয়। সেই নিশা আৰু আন এজন ব্যক্তিৰ মৃত্যু হয়।











