![]()
অসম-নাগেলেণ্ড সীমান্ত (Assam-Nagaland border)ৰ কাৰবি আংলং (Karbi Anglong) জিলাৰ মাজেৰে অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ (Supply of intoxicants)৷ নিতৌ ন ন কৌশল ব্যৱহাৰ কৰি আহিছে সৰবৰাহকাৰীসকলে৷ আৰক্ষীৰ তীৰ্ন পহৰা আৰু অভিযানৰ মাজতো মৰসাহ কৰি সৰবৰাহকাৰীসকলে বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় চলায়েই আছে ৷

সোমবাৰে নিশা পুনৰ নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰি আৰক্ষীৰ আৰু চিআৰপিএফৰ জালত পৰে পশ্চিম বংগৰ এটা চল্লিছোৰ্ধৰ এটা সৰবৰাহকাৰীয়ে৷কালি সন্ধিয়াৰ ভাগত এক গোপন খবৰৰ ভিত্তিত ডিলাই থানাৰ (Dilai Thana) অ’চিৰ নেতৃত্বত চি-২০ চিআৰপিএফ আৰু থানা ষ্টাফৰ সহযোগত ডিলাই তিনি আলিত নাকা বহায় ৷
নাকা তালাচী কালত ডিমাপুৰ দিশৰ পৰা আহি থকা পশ্চিম বংগৰ পঞ্জীয়নভূক্ত WB 16 AV নম্বৰৰ এখন আই ১০ গাড়ীত তালাচী চলাই বাহনখনৰ নম্বৰ প্লেটৰ কাষত কৌশলেৰে গোপন কক্ষ সাজি লুকুৱাই অনা অৱস্থাত প্ৰায় ১ কেজি ওজনৰ সন্দেহযুক্ত মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই সন্দৰ্ভত বাহনখনৰ চালক পশ্চিমবঙ্গ নিৱাসী মঃ ইছমাইলৰ পুত্ৰ নুৰ মহম্মদ (৪৫)ক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ মৰফিন খিনিৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ উদ্ধাৰ হোৱা মৰফিনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ অধিক তথ্য আহৰণৰ বাবে লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷












