![]()
জাহ্নৱী কাপুৰে (Janhvi Kapoor) ২৬টা বসন্ত স্পৰ্শ কৰিছে। ৬ মাৰ্চ তেওঁৰ জন্মদিন (Birthday)। যোৱা পাঁচ বছৰত তেওঁৰ জন্মদিন শ্ৰীদেৱী (SRI DEVI) অবিহনে পাৰ হৈছে। প্ৰতি বছৰে এই দিনটো স্মৰণীয়। মাকৰ অভাৱৰ কথা তেওঁৰ মনত পৰে। প্ৰতি বছৰে গধুৰ হৃদয়েৰে মাকক স্মৰণ কৰে। কিন্তু এই জন্মদিনত সেই জাহ্নৱী ক’ত? শ্ৰীদেৱীৰ কথা এইবাৰো তেওঁৰ মুখত। কিন্তু সাক্ষাৎকাৰত মাকৰ বিষয়ে কি কʼলে তেওঁ?

জাহ্নৱীৰ এই কথাত তেওঁৰ অনুৰাগীসকলো স্তম্ভিত হৈ পৰিছে। ক্ষুদ্ধ শ্ৰীদেৱী-ভক্তসকল। সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকী (Actress)য়ে দাবী কৰে যে শ্ৰীদেৱীৰ মৃত্যুৱে তেওঁক “অদ্ভুত সকাহ” দিছে! অৱশ্যে জাহ্নৱীয়ে তেওঁৰ কথাখিনি ভালকৈ বুজাই দিলে। প্ৰথমতে মাতৃৰ মৃত্যুৰ কথা শুনি যেন হৃদয়খন শূন্য হৈ পৰে। যন্ত্ৰণাত কাতৰ হৈ পৰে।
তাৰ পিছত স্বাভাৱিক হʼবলৈ নিজকে সান্ত্বনা দিলে। নিজকে কʼলে, বেয়াৰ লগত ভালো আহে। জীৱনৰ আটাইতকৈ বেয়া ঘটনাটো তেওঁৰ লগত ঘটিল। ইমান দিনে যিটো ভাল হৈ আহিছে তাৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ। ভৱিষ্যতে তেওঁৰ আৰু ভাল একো নহʼব। এই চিন্তাই তেওঁৰ মনলৈ অহাৰ পাছত তেওঁৰ কিছু শক্তি পুনৰ ঘূৰি আহে। কিছু সকাহ পালে তেওঁ।
শ্ৰীদেৱীৰ সৈতে তেওঁৰ অন্তিম মুহূৰ্তবোৰ তেওঁৰ বাবে এক সপোন। জাহ্নৱীয়ে কয় যে মাতৃৰ সৈতে তেওঁৰ শেষ কথা আছিল তেওঁৰ প্ৰথমখন ছবি ‘ধড়ক’ৰ বিষয়ে। বাকী সকলো অস্পষ্ট। নায়িকাগৰাকীৰ ভাষাত, “ইমান ডাঙৰ জোকাৰণি মই চম্ভালিব পৰা নাছিলো। ফলত সেই সময়ৰ কথা মোৰ একো মনত নাই। মাৰ মৃত্যুৰ মাহটো মোৰ বাবে এতিয়াও অস্পষ্ট, কুঁৱলীৰে আবৃত। নাজানো কেনেদৰে কি হৈ গ’ল !” তেওঁ লগতে কয় যে তেওঁ মাকক পাহৰিবলৈ বেছিভাগ সময় কৰ্মস্থলীতে থাকে। ঘৰত অতি কম সময় কটায়। নহʼলে তেওঁ শ্বাসৰুদ্ধ হৈ গʼলহেঁতেন। মাথোঁ এনে লাগিছিল যেন আৰু কোনেও মৰমেৰে তেওঁক ‘লাডো’ বুলি নামাতিব।













