![]()
আজি সমগ্ৰ বিশ্বৰ লগতে বোকাখাতৰ (Bokakhat)কুৰুৱাবাহীৰ ১নং পৰঙ্গনীয়া জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস (International Women’s Day )উদযাপন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষ্যে অনুষ্ঠিত সভাৰ আঁত ধৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নৱীন দাসে।

সভাপতিত্ব কৰে স্থানীয় বিশিষ্ট সমাজকৰ্মী বলো বৰাই। সভাত নাৰী দিৱসৰ সৈতে সংগতি ৰাখি বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট নাৰী সংগঠক নীলিমা ৰাজখোৱা, বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক তথা শিক্ষয়িত্ৰী-সাংবাদিক অজন্তা তালুকদাৰক নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।
কেওগৰাকী সম্বৰ্ধনা প্ৰাপকক একোখনিকৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ, ডাঃ নেহা যাদৱক হস্তনিৰ্মিত কাঠৰ হৰিণ আৰু নীলিমা ৰাজখোৱা, অজন্তা তালুকদাৰক হস্তনিৰ্মিত কাঠৰ গড়েৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত আৰু কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভাপতি ৰূপা বৰা।
অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি অজন্তা তালুকদাৰে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আৰু বক্তব্য আগবঢ়ায় মহকুমাধিপতি ডাঃ নেহা যাদৱ, বুবুল দত্ত আৰু ৰূপা বৰাই। সভাৰ আৰম্ভণিতে এটি স্বৰচিত গীত পৰিৱেশন কৰে বিশিষ্ট শিল্পী দুলাল বৰাই আৰু কবিতা আবৃত্তি কৰে যুৱ কবি ৰিমজিম শইকীয়াই।
শেষত শলাগৰ শৰাই আগবঢ়ায় নৱীন দাসে অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনিল বৰাৰ লগতে বিষয় ববীয়া সকল, শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক সকল আৰু যথেষ্ট সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে।













