![]()
দক্ষিণ (South)ৰ অন্যতম জনপ্ৰিয় তাৰকা (Actress) হৈছে ছাই পল্লৱী (Sai Pallavi)। মেডিকেলৰ ছাত্ৰী আছিল তেওঁ। তাৰ পৰাই তেওঁৰ নায়িকা হোৱাৰ যাত্ৰা সপোনৰ দৰে। অৱশ্যে অভিনেত্ৰী হʼবলৈ যাত্ৰাত কিছু কঠিন পথৰ মাজেৰে পাৰ হʼবলগীয়া হৈছিল। অভিনয় জীৱনৰ অনিশ্চয়তাৰ প্ৰতি তেওঁ সদায় সচেতন আছিল। কিন্তু এই বৃত্তিটোৰ প্ৰতি কেতিয়া প্ৰেমত পৰিল তেওঁ বুজি নাপালে। চলচ্চিত্ৰ জগতত কাম কৰাৰ কিছু সুবিধা থাকিলেও কিছু অসুবিধাও আছে।

কেইবাবছৰ ধৰি অভিনেত্ৰীসকলে ‘মি টু’ৰ বিষয়ে মুকলিকৈ কৈছে। উদ্যোগটোত কাম পোৱাৰ বাবে প্ৰায়ে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এইবাৰ অভিনেত্ৰীগৰাকীয়ে এই ‘মি টু’ (Me to) আৰু শাৰীৰিক আৰু আৱেগিক নিৰ্যাতনৰ বিষয়ে মুখ খুলিলে। তেওঁ কয়, “শাৰীৰিক নিগ্ৰহ বা নিৰ্যাতন বহু দূৰৈৰ কথা, কোনোবাই বেয়া ভাষা কʼলে, বা কোনো ধৰণে ইংগিতেও অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা যেন লাগিলে, কেতিয়াও মুখ বন্ধ কৰি ৰাখিব নালাগে। অনতিপলমে প্ৰতিবাদ কৰিব লাগে।”
উল্লেখ্য, তেওঁক ‘পুষ্পা’ৰ দ্বিতীয় খণ্ডত দেখা পোৱা যাব বুলি শুনা গৈছে। ‘পুষ্পা : দ্য ৰাইজ’ত আল্লু অৰ্জুনৰ বিপৰীতে দেখা গৈছিল অভিনেত্ৰী ৰশ্মিকা মণ্ডনাক। আনহাতে, আন এজন দক্ষিণৰ তাৰকা ফাহাদ ফাচিলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ‘পুষ্পা : দ্য ৰুল’ ছবিখনত দেখা যাব অভিনেত্ৰী ছাই পল্লবীক ফাহাদ ফাছিলৰ বিপৰীতে। শুনা গৈছে যে অহা কেইদিনমানৰ ভিতৰত অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ শ্বুটিঙত যোগদান কৰিব।













