![]()
ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল দক্ষিণ আমেৰিকা(south America)। পেৰু আৰু ইকুৱেডৰ অঞ্চলভাগ ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই (Earthquake) জোকাৰি যোৱাৰ ফলত ১৬ জন লোকৰ মৃত্যু হয় আৰু আন বহুতো লোক আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, আঘাতপ্ৰাপ্ত লোকৰ সংখ্যা ৩৮১ তকৈ অধিক বুলি জানিব পৰা গৈছে। কেইবাটাও অঞ্চলৰ অট্টালিকা সমূহ চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ধ্বংসস্তূপত পৰিণত হৈছে কেওদিশ। সম্প্ৰতি উদ্ধাৰকাৰী দলে নিজ অভিযান অব্যাহত ৰাখিছে। লগতে, আহত লোকসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।










