![]()
ছাত্ৰীৰ ওপৰত হাত উঠাবলৈ কেনেকৈ সাহস হ’ল! তাতেই স্কুলৰ শিক্ষকৰ ওপৰত ক্ষুদ্ধ হৈ ছাত্ৰীৰ অভিভাৱকে প্ৰহাৰ(Assault on a teacher) কৰে। তামিলনাডুৰ টুটিকোৰিন জিলাত সংঘটিত হৈছে এই ঘটনা। শিক্ষকজনৰ নাম আৰ ভাৰত। চৰকাৰী বিদ্যালয় এখনত শিক্ষকতা কৰে। শ্ৰেণীত সাত বছৰীয়া ছাত্ৰী এগৰাকীৰ ওপৰত হাত উঠোৱাৰ বাবে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে তেওঁক মাৰপিট কৰে। কোনো নিয়ম মানি নচলাকৈয়ে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে শ্ৰেণীকোঠাত প্ৰৱেশ কৰে। আনকি ছাত্ৰীগৰাকীৰ মাতৃয়ে শিক্ষকজনক চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ ভাবুকিও দিয়ে।

কাজিয়া ক্ৰমান্বয়ে বৃদ্ধি পাই সংঘৰ্ষৰ পৰ্যায় পায়গৈ। ছোৱালীজনীৰ দেউতাকে হঠাৎ শিক্ষকজনক মাৰপিট কৰিবলৈ ধৰে। গোটেই স্কুলখনতে তেওঁ শিক্ষকজনক খেদি ফুৰে। আনকি বিদ্যালয়ৰ চৌহদত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ দুয়োজনেই তেওঁক মাৰপিট কৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ছাত্ৰীগৰাকীৰ পিতৃয়ে শিক্ষকগৰাকীৰ ওপৰত শিলগুটিও নিক্ষেপ কৰে।
বিদ্যালয়ৰ সূত্ৰ অনুসৰি, ছাত্ৰীগৰাকীয়ে শ্ৰেণীত মনোযোগেৰে কথা শুনা নাছিল। সহপাঠীৰ লগত কাজিয়া কৰি আছিল। গতিকে শিক্ষকজনে তেওঁক নিজৰ আসন এৰি আন ঠাইত বহিবলৈ কয়। আন এখন বেঞ্চত বহিবলৈ গৈ থাকোঁতে ছাত্ৰীগৰাকী মাটিত বাগৰি পৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে ঘৰলৈ গৈ শিক্ষকগৰাকীৰ বিৰুদ্ধে পিতৃ-মাতৃক ভুৱা অভিযোগ উত্থাপন কৰে। স্কুলৰ শিক্ষকে তেওঁৰ ওপৰত হাত উঠোৱাৰ দাবী ছাত্ৰীগৰাকীৰ। এই কথা শুনি ছাত্ৰীগৰাকীৰ অভিভাৱক শিক্ষকজনৰ ওপৰত ক্ষুব্ধ হয়।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ককাকৰ লগতে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদন্ত আগুৱাই নিবলৈ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি আছে। দোষী সাব্যস্ত হʼলে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হʼব বুলি আশ্বাস দিয়ে আৰক্ষী বিষয়াসকলে৷










