![]()
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah)আজি জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ তিতৱাল গাঁৱত দেৱী সাৰদা মন্দিৰ উদ্বোধন কৰে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে নিয়ন্ত্ৰণ ৰেখাৰ কাষত এটা মন্দিৰ উদ্বোধন কৰা হৈছে।

কেন্দ্ৰৰ তথ্য অনুসৰি, পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰাবাদৰ পৰা ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত নীলম উপত্যকাত ১৮টা মহাশক্তি পীঠৰ এটা সাৰদা পীঠ আৰু সাৰদা বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ আছে। ষষ্ঠ আৰু দ্বাদশ শতিকাৰ ভিতৰত ভাৰত উপমহাদেশৰ অন্যতম গুৰুত্বপূৰ্ণ মন্দিৰ বিশ্ববিদ্যালয় আছিল। নালন্দা-তক্ষশীলাতকৈও পুৰণি বিশ্ববিদ্যালয়খন পাছলৈ বিদেশী আগ্ৰাসনে ধ্বংস কৰি পেলায়।
এসময়ত সাৰদা পীঠৰ তীৰ্থযাত্ৰা আৰম্ভ হৈছিল আজিৰ তিতাৱাল গাঁৱৰ পৰা। ১৯৪৭ চনত স্বাধীনতাৰ ঠিক পিছতেই পাকিস্তানী আক্ৰমণকাৰীয়ে তিতৱালৰ শাৰদা মন্দিৰ আৰু গুৰদ্বাৰা ধ্বংস কৰে। প্ৰায় তেতিয়াৰ পৰাই পণ্ডিত সমাজে সেই অঞ্চলৰ মন্দিৰ পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছে।
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মন্দিৰটো উদ্বোধন কৰি শ্বাহে কয়, “৩৭০ ধাৰা প্ৰত্যাহাৰৰ পিছত কাশ্মীৰৰ পৰিস্থিতি শান্ত হৈছে, যিটো সীমান্ত অঞ্চলত মন্দিৰ নিৰ্মাণৰ পৰাই স্পষ্ট হৈ পৰিছে। কেৱল হিন্দু মন্দিৰেই নহয়, উগ্ৰপন্থীয়ে বিভিন্ন সময়ত ধ্বংস কৰা চুফী তিৰ্থস্থানসমূহো মোডী চৰকাৰে পুনৰ নিৰ্মাণ কৰিব।”










