![]()
পৰিণীতিৰ পৰিণতি!
এই খবৰ পাই স্তম্ভিত হৈ পৰে বলীউড। পৰিণীতি চোপ্ৰাক (Parineeti Chopra) পুনৰ দেখা গʼল আপ নেতা ৰাঘৱ চাডাৰ (AAP leader Raghav Chada) সৈতে। লগে লগে আৰম্ভ হয় চৰ্চা। সকলোৰে এটাই প্ৰশ্ন, পৰিণীতিৰ পৰিণতি কি হʼব? বৃহস্পতিবাৰে মুম্বাইত অনুষ্ঠিত ডিনাৰ পাৰ্টিত এই যুটিটোক কেমেৰাত বন্দী কৰিছিল পাপাৰাৎজীয়ে। তেওঁলোকে দাবী কৰে যে এবাৰ নহয়, বহু সময়ত তেওঁলোকক একেলগে দেখা গৈছে।

ৱৰ্লি বাষ্টিয়ানত নিশাৰ আহাৰ খাই ওলাই অহাৰ সময়ত কেমেৰাত ধৰা পৰে। লগে লগে ৰাঘৱ গাড়ীৰ ওচৰলৈ যায়। কিন্তু ফটোগ্ৰাফাৰসকলৰ বাবে প’জ দিয়ে অভিনেত্ৰীগৰাকীয়ে। অলপ সময় তেওঁলোকৰ লগত কথাও পাতে।
ওড়িশাত ‘জুইগাটো’ কৰমুক্ত
কপিল শৰ্মা (Kapil Sarma)ৰ ‘জুইগাটো’ (Zwigato) ওড়িশাত কৰমুক্ত (Tax-free in Odisha)। মুখ্য চৰিত্ৰত কপিল শৰ্মা-শাহানা গোস্বামী। এপলজ এণ্টাৰটেইনমেণ্ট আৰু নন্দিতা দাস ইনিচিয়েটিভছৰ প্ৰযোজনা কৰা এই ছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল ওড়িশাত। সেইবাবেই কৰ ৰেহাই আছে। ৰাজ্যখনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে বুলি ওড়িশা চৰকাৰে ঘোষণা কৰিছে। সেয়ে ছবিখনক ৰাজ্যখনত প্ৰচাৰৰ বাবে কৰ ৰেহাই দিয়া হৈছে।

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে তেওঁৰ ছবিখনত ওড়িশাৰ প্ৰচাৰৰ বাবে নন্দিতা দাসক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। দৰ্শক আৰু সমালোচকে ছবিখনক শলাগ লৈছিল। কিন্তু কম ছবিগৃহত মুক্তি পোৱাৰ পিছত এতিয়ালৈকে ভাল ব্যৱসায় কৰা নাই। অৱশ্যে ওড়িশা চৰকাৰৰ এই পদক্ষেপক শলাগ লয় নন্দিতাই। তেওঁৰ মতে, এই পদক্ষেপে দৰ্শকক আকৰ্ষণ কৰিব। ছবিখনে ভাল কাম কৰিব।













