![]()
অসমৰ জনপ্ৰিয় দুগৰাকী কণ্ঠশিল্পী ক্ৰমে দীপলিনা ডেকা (Deeplina Deka) আৰু আচুৰ্য বৰপাত্ৰৰ (Achurjya Borpatra) কণ্ঠৰে মুক্তি পাবলৈ সাজু হৈছে দুটি নতুন গীত। দীপলিনা ডেকাৰ আহিবলগীয়া গীতটিৰ নাম হৈছে “সোণটি সোণাই” আৰু আচুৰ্য বৰপাত্ৰৰ গীতটিৰ নাম হৈছে “ৰঙালী ২০২৩”। স্বকীয়া গায়নশৈলীৰে ইতিমধ্যে উক্ত দুয়োগৰাকী কণ্ঠশিল্পীয়ে বৃহৎ সংখ্যাত অনুৰাগী বুটলিবলৈ সক্ষম হৈছে।

দীপলিনা ডেকাই তেওঁৰ আহিবলগীয়া গীতটিৰ বিষয়ে বিশেষ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও আচুৰ্য বৰপাত্ৰ এইক্ষেত্ৰত কিছু ব্যতিক্ৰম। আচুৰ্যই তেওঁৰ আহিবলগীয়া “ৰঙালী ২০২৩” শীৰ্ষক গীতটিৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰি গীতটিৰ বিশেষত্ব কি! সেই বিষয়েও ৰাইজক জানিবলৈ দিছে। থলুৱা বাদ্যযন্ত্ৰৰ সম্ভাৰেৰে নিৰ্মিত “ৰঙালী” গীতটি অহা ৮ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰিব।

উক্ত দুয়োটা গীতক লৈ উৎসাহিত অনুৰাগী সকল।













